একতা – শৈলেন কুমাৰ

PC - Vecteezy

অণুগল্প

একতা 

শৈলেন কুমাৰ
 মিৰ্জা( কামৰূপ )

এন্দুৰটোৱে নিজৰ প্ৰাণ ৰক্ষাৰ বাবে কুকুৰাটোৰ পৰা সহায় বিচাৰিলে,কুকুৰাটোৱে সহায় কৰিবলৈ অমান্তি হোৱাত, এইবাৰ এন্দুৰটোৱে ছাগলীটোৰ পৰা সহায় বিচাৰিলে কিন্তু কোনোৱে তাক সহায় নকৰিলে একেখন ঘৰতে সিহঁতে সহবাস কৰি থাকে অথচ সিহঁতৰ মাজত মিলাপ্ৰীতি নাই ৷ ঘৰৰ মালিকে এন্দুৰটো ধৰিবলৈ ফান্দ পাতিলে কিন্তু দূৰ্ভাগ্যবশত ফান্দত এন্দুৰ সলনি সাপ সোমাল আৰু ঘৰৰ মালিকৰ ঘৈণীয়েকে এন্দুৰ ফান্দত সোমাল বুলি ফান্দত হাত ভৰাই দিয়াত সাপে দংশন কৰিলে ৷ ততাতৈয়াকৈ ঘৈণীয়েকক চিকিৎসাৰ বাবে লৈ যোৱা হ’ল ৷ কিছুদিন পাছত ঘৈণীয়েক সুস্থ হোৱাত খৱৰ লবলৈ ঘৰত আলহী আহিল সেইদিনা খন কুকুৰা মাৰি আলহীক আপ্যায়ন কৰা হ’ল ৷ আকৌ কিছুদিন পাছত গাওঁৰ গঞা ৰাইজক ছাগলীৰ মাংসৰে ভোজভাত খুওৱা হ’ল ৷ এন্দুৰটোক সহায় নকৰাৰ ফল কুকুৰা আৰু ছাগলীটোৱে হাতেহাতে পালে ৷