এই ফাগুনতে ককাইটিৰ বিয়া – মৃদুলা বৰুৱা

এই ফাগুনতে ককাইটিৰ বিয়া 
মৃদুলা বৰুৱা, তেজপুৰ 
সাৱধান হʼবি ককাইটি
ফাগুন ভালপোৱা
ছোৱালীজনীৰ সৈতে
ঘৰ পাতিব ওলাইছ,
তাইৰ পলাশ ৰঙী ফোটটোৰ
প্ৰেমত পৰিব খোজোঁতেই যদি,
ফাগুন ধুমুহাই ঘৰৰ ছাল খন
উৰুৱাই নিয়ে কʼৰ পৰা যোৰা মাৰিবি…
ভাবি চা ককাইটি
পলাশ, মদাৰৰ লগত
লুকাভাকু খেলা চঞ্চলা পখিলীয়ে
নৰিয়াত পৰা আইজনীক
দুবেলা দুসাজ দিবনে ৰান্ধি,
পাৰিবনে শাওনৰ পথাৰত
ভূই ৰুবলৈ বোকা খচকী…
ফাগুনৰ আঁচলত ধৰি সপোন দেখিচ সঁচা,
এই ফাগুনৰ মলয়া বাই
সপোনকো উৰাই নিব চাবি,
ভালপোৱা সুখৰ বাটচʼৰা হ’ব পাৰে,
কিন্তু ৰহঘৰত দুখো থাকিব
সেয়ে সাৱধান হʼবি ককাইটি,
সাৱধান হʼবি।