এইবাৰ ৰাজ্যৰ মীন নিগমত নিযুক্তি কেলংকাৰী

এইবাৰ ৰাজ্যৰ মীন নিগমত নিযুক্তি কেলংকাৰী

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যত এটাৰ পাছত আন এটাকৈ অবৈধ নিযুক্তিৰ কেলেংকাৰী।এইবাৰ ৰাজ্যৰ মীন নিগমত সংঘটিত হৈছে নিযুক্তি কেলংকাৰী।মীন নিগমত অবৈধভাৱে চাকৰি লোৱাৰ অভিযোগত নিগমৰ ২১৭ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ নিৰ্দেশ।কাইলৈৰ ভিতৰত ২১৭ গৰাকী কৰ্মচাৰীলৈ শ্ব’কজ জাৰিৰ সম্ভাৱনা।শ্ব’কজৰ পাছতেই বৰ্খাস্ত হ’ব পাৰে ২১৭ গৰাকী কৰ্মচাৰী।মীন নিগমৰ আয়ুক্ত সচিবে ২১৭ গৰাকী অবৈধভাৱে নিযুক্তিপ্ৰাপ্ত কৰ্মচাৰীক বৰ্খাস্ত কৰিবলৈ মীন নিগমৰ পৰিচালন সঞ্চালকক নিৰ্দেশ দিছে।উল্লেখযোগ্য যে,পূৰ্বৰ একাংশ আমোলা-বিষয়াৰ পৃষ্ঠপোষকতাত বহু লোকে মীন নিগমত লাভ কৰিছিল চাকৰি।উচ্চ ক্ষমতাসম্পন্ন সমিতিৰ প্ৰতিবেদনত ধৰা পৰিছে নিগমৰ জালিয়াতি।কোনো বিজ্ঞাপন, সাক্ষাৎকাৰ অবিহনে দিয়া হৈছিল নিযুক্তি।পূৰ্বৰ দুগৰাকী পৰিচালন সঞ্চালকৰ বিৰুদ্ধেও গ্ৰহণ কৰা হ’ব ব্যৱস্থা।বিধায়ক ৰমাকান্ত দেউৰী অধ্যক্ষ হিচাপে আৰু এন চি বসুমতাৰী, অনুৰাধা অধিকাৰী শৰ্মা পৰিচালন সঞ্চালক হিচাপে থকাৰ সময়তে মীন নিগমত সংঘটিত হৈছিল নিযুক্তি কেলেংকাৰী।