এইবাৰ যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰাবাসত ছাত্ৰক অমানুষিক অত্যাচাৰৰ অভিযোগ
ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পাছত এইবাৰ যোৰহাটত ৰেগিং বিতৰ্ক।যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰাবাসত ছাত্ৰক অমানুষিক অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে।সামাজিক মাধ্যমত ৰেগিঙৰ ভয়ংকৰ বৰ্ণনা যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ এজন ছাত্ৰৰ।প্ৰণৱ জ্যোতি চেতিয়া নামৰ ছাত্ৰ গৰাকীয়ে ইতিমধ্যে চচিয়েল মিডিয়াৰ জৰিয়তে অভিযোগ ৰাজহুৱা কৰিছে।জ্যেষ্ঠ ছাত্ৰই চলোৱা শাৰিৰীক মানসিক নিৰ্যাতনৰ অভিযোগ দিয়াৰ পিছতো মহাবিদ্যালয় কতৃপক্ষই ব্যৱস্থা নোলোৱাৰ অভিযোগ ছাত্ৰজনৰ।নৱাগত ছাত্ৰক চুলি খুৰাই, বস্ত্ৰহীন কৰি অকথ্য নিৰ্যাতন জ্যেষ্ঠ ছাত্ৰৰ।অত্যাচাৰ সহিব নোৱাৰি হোষ্টেল ত্যাগ বহু দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰৰ।মহাবিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে দিয়াৰ পিছটো কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে।চচিয়েল মিডিয়াত প্ৰণৱ জ্যোতি চেতিয়া নামৰ ছাত্ৰ জনে লিখিছে——মই মাত্ৰ এমাহ সময় আমাৰ স্বাভিমান মোৰ অতি আপোন জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ একমাত্ৰ ছাত্ৰাবাস “চৈয়দ আব্দুল মালিক ছাত্ৰাবাস”-ৰ আৱাসী হিচাপে আছিলোঁ।সেই এমাহৰ অভিজ্ঞতাই মোক ৰেগিঙৰ বাবে কেনে শাৰীৰিক/মানসিক অশান্তি ভুগিব লগা হয় তাৰ উপলব্ধি ভালকৈ কৰালে।ক’বলৈ বেয়া লাগিছে তথাপিও এইয়া দুখজনক যে আমাৰ মহাবিদ্যালয়ৰ হোষ্টেলতো নৱাগত সকলক অগ্ৰজসকলে মানসিক আৰু শাৰীৰিক ভাৱে অত্যাচাৰ কৰে।মহাবিদ্যালয় কৰ্তৃপক্ষই এই ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা নল’লে আজিৰ এই ঘটনাৰ দৰেই হয়তো পুনৰ সংঘটিত হোৱাৰ সম্ভাৱনা আছে।কিয়নো এই হোষ্টেলৰো বহু কৰ্ম কাণ্ড সঁচাকৈ বহু অমানৱীয়।ৰাতি ৯/১০ বজাৰ পৰা ৩/৪ বজালৈ কমন ৰোমত থিয় কৰাই থোৱা অশ্লীল শব্দ ব্যৱহাৰ কৰি নৱাগত সকলক মানসিক অত্যাচাৰ কৰা, ৰাতি হোষ্টেলৰ গেট পাৰ হৈ চিগাৰেট/বিড়ি আনিবলৈ দিয়া, নিচাত মাতাল হৈ অৰ্থহীন প্ৰশ্ন কৰি শাৰীৰিক শাস্তি দিয়া, বস্ত্ৰহীন কৰি টিকাত চিহ্ন মৰা, চুলি খুৰাই দিয়া– এই সকলো বোৰৰ মই ভুক্ত ভুগি।এইবোৰ কামৰ বাবে অগ্ৰজ সকলে যুক্তি দিয়ে “১৯৫৪ চনৰ পৰাই ই চলি আহিছে তঁহতে কিয় নোৱাৰিবি?? আমিও এইবোৰ সহ্য কৰি আহিছোঁ তহঁতেও কৰ, এদিন তঁহতেও আমাৰ ঠাইত থাকিবি… কোনো কোনোৱে আজিৰ এই ঘটনাটো সংঘটিত হোষ্টেল খনৰো উদাহৰণ দিয়া মনত আছে …… অপৰাধ কৰাৰ দৰেই অপৰাধ লুকুৱাই ৰখাটো এটা অপৰাধ সেইয়ে মই এই অপৰাধৰ বিৰুদ্ধে গোচৰ দিছিলোঁ কিন্তু বহু কথাৰ বাবে পিছুৱাব লগা হ’ল।