এআইডিএচঅ’ৰ কেন্দ্ৰীয় পৰিষদৰ সৰ্বভাৰতীয় সংকল্প দিৱস

এআইডিএচঅ’ৰ কেন্দ্ৰীয় পৰিষদৰ সৰ্বভাৰতীয় সংকল্প দিৱস
গুৱাহাটীৰ ভলভ’ পইন্টত বিক্ষোভ কাৰ্যসূচী

ৰঙিলী বাৰ্ত্তাসেৱা-  শিক্ষানুষ্ঠানসমূহত গণতান্ত্ৰিক শৈক্ষিক পৰিৱেশ বজাই ৰখাৰ লগতে পশ্চিম বংগ আৰক্ষী আৰু তৃণমূল কংগ্ৰেছ সমৰ্থিত সমাজবিৰোধীসকলে প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীৰ ওপৰত কৰা নৃশংস আক্ৰমণৰ প্ৰতিবাদত এআইডিএছঅ’ৰ কেন্দ্ৰীয় পৰিষদৰ আহ্বানত অসমতো বিভিন্ন জিলাত সৰ্বভাৰতীয় সংকল্প দিৱস আজি পালন কৰে। গুৱাহাটীৰ ভলভ’ পইন্টৰ সন্মুখত বিক্ষোভ কাৰ্যসূচী পালন কৰা হয়। তেজপুৰত কাৰ্যসূচীত উপস্থিত থাকি ৰাজ্যিক কমিটীৰ সম্পাদক হেমন্ত পেগুৱে কয় যে জাদৱপুৰ বিশ্ববিদ্যালয়ত ছাত্ৰ সংসদ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে আন্দোলন কৰা ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত পশ্চিম বংগ চৰকাৰৰ শিক্ষা মন্ত্ৰীৰ কনভয়েৰ আক্ৰমণ কৰাৰ বিৰুদ্ধে কালি এ আই ডি এছ অ ৰ পশ্চিমবংগ ৰাজ্যিক সমিতিৰ আহ্বান প্ৰতিখন কলেজ আৰু বিশ্ববিদ্যালয়ত ছাত্ৰ ধৰ্মঘট পালন কৰা হয়। এই ছাত্ৰ ধৰ্মঘটত সকলোৱে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিছিল। ইয়াৰ বিৰুদ্ধে ক্ষুব্ধ হৈ তৃণমূল কংগ্ৰেছ সমৰ্থিত দুষ্কৃতিকাৰী, তেওঁলোকৰ ছাত্ৰ সংগঠন টিএমচিপি আৰু আৰক্ষীয়ে প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীক নাটকীয়ভাৱে আক্ৰমণ কৰে। এই ঘটনাত আহত ৩৫ ছাত্ৰ ছাত্ৰীৰ আহত হয়। ইয়াৰে ১৩ জন এ আই ডি এছ অ ৰ কৰ্মী গুৰুতৰভাৱে আহত হয়। লগতে সংগঠনটোৰ ১১জন নেতাক অন্যায়ভাৱে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। তদুপৰি কালি সন্ধিয়া এবিভিপিয়ে ঘটনাটোক গৰিহণা দিয়াৰ বিপৰীতে এআইডিএছঅ’কে ধৰি বিভিন্ন বাওঁপন্থী ছাত্ৰ সংগঠনৰ যাদৱপুৰ বিশ্ববিদ্যালয়ৰ গেটত ওলমি থকা বেনাৰ আৰু পোষ্টাৰবোৰ ভাঙি পেলায়। অৱশ্যে এবিভিপিৰ এই জঘন্য কার্যৰ বিৰুদ্ধে জাদৱপুৰ বিশ্ববিদ্যালয়ৰ ছাত্র-ছাত্রীসকলে আগবাঢ়ি আহি সংগঠিত প্রতিৰোধ কৰে৷ সংগঠনটোৱে ছাত্ৰ ধৰ্মঘটত অংশগ্ৰহণ কৰা প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱাৰ লগতে তৃণমূল কংগ্ৰেছৰ সমৰ্থিত দুষ্কৃতিকাৰী আৰু আগ্ৰাসী আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। এআইডিএছঅ’ৰ কেন্দ্ৰীয় পৰিষদে আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ অভয়া কাণ্ডৰ ফলত শিক্ষানুষ্ঠানসমূহত হোৱা ভয় – ভাবুকিৰ সংস্কৃতি আৰু দুৰ্নীতিৰ বিৰুদ্ধে সকলোকে মাত মাতিবলৈ আহ্বান জনায়। লগতে পশ্চিম বংগৰ প্ৰতিখন মহাবিদ্যালয়, বিশ্ববিদ্যালয়ত গণতান্ত্ৰিক পৰিৱেশ অটুট ৰাখিবলৈ ছাত্ৰ পৰিষদৰ নিৰ্বাচন শীঘ্ৰে অনুষ্ঠিত কৰাৰ লগতে ছাত্ৰ আন্দোলনক দমন কৰাৰ নাৰকীয় আক্ৰমণৰ বিৰুদ্ধে থিয় হ’বলৈ আহ্বান জনায়।