এআইডিএচঅ’ৰ আন্তৰ্জাতিক নাৰী দিৱস
ৰঙিলী বাৰ্ত্তাসেৱা- ৮ মাৰ্চ, মহান আন্তৰ্জাতিক নাৰী দিৱস ৰাজ্যজুৰি অল ইণ্ডিয়া মহিলা সাংস্কৃতিক সংগঠনৰ উদ্যোগত যথাযোগ্য মৰ্যাদাৰে পালিত হয়। সমগ্ৰ ৰাজ্যৰ ধুবুৰী, গোৱালপাৰা, বৰপেটা, নলবাৰী,দৰং, শোণিতপুৰ, লক্ষীমপুৰ, যোৰহাট, নাহৰকটীয়া, নগাওঁ, কাছাৰ, কৰিমমগঞ্জ, হাইলাকান্দি আদি জিলা সমূহত জিলা সদৰৰ লগতে বিভিন্ন অঞ্চল সমূহতো শোভাযাত্ৰা, পথসভা, আলোচনা সভা আদি বিভিন্ন কাৰ্যসূচীৰে এই দিৱস পালিত হয়। এই উপলক্ষে গুৱাহাটী মহানগৰীৰ উলুবাৰীত এখনি আলোচনা সভা অনুষ্ঠিত হয়। আলোচনা সভাত উদ্দেশ্য ব্যাখ্যা কৰে সংগঠনৰ অসম ৰাজ্যিক কমিটীৰ কোষাধ্যক্ষা বিনালী বড়োৱে। সভাত নিৰ্দিষ্ট বক্তা হিচাপে আন্তৰ্জাতিক নাৰী দিৱসৰ ইতিহাস, তাৎপৰ্য আৰু তাৰ প্ৰেক্ষাপটত আমাৰ দেশত বৰ্তমান নাৰী সমাজৰ অৱস্থান আৰু নাৰীৰ মুক্তি সংগ্ৰামত সঠিক পথ কি সেই সম্পৰ্কে এক বিশ্লেষণ দাঙি ধৰে সংগঠনৰ ৰাজ্যিক কমিটীৰ অন্যতম উপ সভানেত্ৰী দিলোৱাৰা বেগমে।