ঋতু ৰাণী বসন্ত
উন্মনা মন-প্ৰাণ এই ৰূপ সুষমা,
সান্নিধ্যৰ পৰশত প্ৰেমাকুল কলিজা।
ঋতু ৰাণীৰ পৰশত যৌৱনা প্ৰকৃতি,
ফুলে পাতে মোহনীয়া জাতিষ্কাৰ প্ৰথিৱী।
সমীৰণৰ লহৰত প্ৰকৃতিয়ে নাচিছে,
সাতোৰঙৰ আবিৰে ফুলে ফুলে হাঁহিছে,
বৰষা কাকলিত ময়ূৰেও চালিছে,
পাহাৰীয়া জুৰিটিয়ে কুলু কুলু কৰিছে,
বাংময় ধ্বনি গীত হৈ ভাঁহিছে।
আৰু ক’ত !আৰু কি! পৰিসৰ বৃহত্তম,
সীমাহীন বৰ্ণনা শেষ ক’ত শেষ ক’ত!
এয়াই বসন্ত,ঋতু ৰাণী বসন্ত,
অজস্ৰ বন্দনা, শেষ নাই অনন্ত।।
মুন শৰ্মা,লখিমপুৰ