উৰিষ্যাৰ আন্তৰাষ্ট্ৰীয় ১৬তম নৃত্য আৰু সংগীতৰ কটক মহোৎসৱত অসমৰ শিল্পীৰ সাফল্য
মৃগাংক বৰুৱা,গোলাঘাট,ৰঙিলী বাৰ্ত্তাসেৱা- অলপতে উৰিষ্যাৰ কটকৰ সৰলা ভৱনত আন্তৰাষ্ট্ৰীয় ১৬তম নৃত্য আৰু সংগীতৰ কটক মহোৎসৱ সম্পন্ন হৈ যায়, য’ত বিদেশৰ পৰা অহা শিল্পীয়েও ভাগ লৈছিল। চাৰি দিনীয়া কায্যসূচীৰে দেশী, বিদেশী লোকসংস্কৃতিৰ নৃত্য-গীতৰ বৰ্ণাঢ্য কায্যসূচী তথা প্ৰতিযোগিতা সমূহ অতি আকৰ্ষণীয় হৈ পৰাৰ কথা জানিব পৰা গৈছে। উল্লেখযোগ্য যে আমাৰ দেশৰ বিভিন্ন ৰাজ্যৰ শিল্পী সকলৰ লগতে অসমৰ বহুতো শিল্পীয়ে এই মহোৎসৱত সহযোগ কৰে।
জানিবলৈ পোৱা মতে অসমৰ পৰা যোৱা আলেস্কা দাস আৰু শতৰিঞ্চি আৰ্চায্যই নৃত্যশ্ৰী সন্মান লাভ কৰাৰ লগতে আলেস্কা দাসে উচ্চ শাখাৰ সত্ৰীয়া নৃত্য প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ আৰু শতৰিঞ্চি আৰ্চায্যই উচ্চ শাখাৰ চেমি ক্লাছিকেল নৃত্যত প্ৰথম পুৰস্কাৰ লাভ কৰি আমাৰ ৰাজ্যখনৰ বাবে সন্মান কঢ়িয়াই আনিছে। শতৰিঞ্চি আৰু আলেস্কা একাদশ শ্ৰেণীৰ ছাত্ৰী।
শিল্পী দুগৰাকীয়ে অসমৰ বাবে সন্মান কঢ়িয়াই অনা বাবে বিভিন্ন ব্যক্তিয়ে সন্তোষ প্ৰকাশ কৰাৰ কথা জানিব পৰা গৈছে।