উমৰাংছ’ৰ মৃতকৰ পৰিয়াললৈ ১০ লাখ টকাকৈ এককালীন সাহায্য ঘোষণা ৰাজ্য চৰকাৰৰ
ৰঙিলী বাৰ্ত্তাসেৱা- আজি মৰিগাঁও জিলা আয়ুক্তৰ সভাকক্ষত ৰাজ্যিক কেবিনেটৰ বৈঠক অনুষ্ঠিত হয়। এই কেবিনেট বৈঠকত উমৰাংছ’ৰ কয়লাখনিৰ দুৰ্ঘটনা প্ৰসংগত একাধিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ ৷ কেবিনেট বৈঠকৰ পিছতেই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা, উমৰাংছ’ৰ কয়লাখনি দুৰ্ঘটনাৰ ন্যায়িক তদন্ত কৰাৰ বাবে কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে । উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়ধীশ অণিমা হাজৰিকাৰ অধীনত ন্যায়িক আয়োগে তদন্ত কৰিব ৷ ৩ মাহৰ ভিতৰত আয়োগে দাখিল কৰিব লাগিব প্ৰতিবেদন ৷” অসম চৰকাৰে মৃত চাৰিজনৰ নিকটাত্মীয়লৈ ১০ লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে। এতিয়ালৈ সম্ভেদ নোপোৱা আন পাঁচজন ব্যক্তিৰ পৰিয়াললৈও ১০ লাখ টকাৰ ক্ষতিপূৰণ অনুদান প্ৰদান কৰা হ’ব। ইফালে ৰাজ্যত ৰেট হোল খননক লৈ সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ সন্দৰ্ভত SOP প্ৰস্তুত কৰা হ’ব। উমৰাংছ’ খনি দুৰ্ঘটনাৰ ফলত হোৱা প্ৰাণহানিৰ বিষয়টোত ইতিমধ্যে পঞ্জীয়ন কৰা এজাহাৰৰ আধাৰত সমগ্ৰ ঘটনাটোৰ তদন্তৰ বাবে ন্যায়াধীক শ্ৰীমতী অনিমা হাজৰিকাৰ নেতৃত্বত এখন SIT গঠন কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে কয়, “ৰেট হোলসমূহ ক’ৰ পৰা আৰম্ভ হ’ল সকলোৰে প্ৰশ্ন। সেই অঞ্চলত প্ৰায় ২০০ টা কয়লা খাদ আছে। খনি আৰু খনিজ বিভাগে কেন্দ্ৰীয় সংস্থাসমূহৰ সৈতে আলোচনা কৰি সকলো ৰেট হোল কেনেকৈ পুতি পেলাব পাৰে তাৰ বাবেও আমি বিভাগক নিৰ্দেশ দিছোঁ। ”