উপৰহালী ছোৱালী হাইস্কুলৰ অনিয়মৰ তথ্য সংগ্ৰহ কৰিবলৈ যোৱা সংবাদকৰ্মীক বাধা প্ৰদান
ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকক কেৰেপ নকৰে একাংশ শিক্ষয়িত্ৰীয়ে
এটা ফোনকলে উদঙাইছে এখন বিদ্যালয়ৰ প্ৰকৃতস্বৰূপ
শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ শিক্ষা অনুষ্ঠান একপ্ৰকাৰে গেলি যোৱাৰ উপক্ৰম হৈছে ৷ শিক্ষাৰ্থী সকলে নেপায় পৰ্যাপ্ত শিক্ষা, শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ শিক্ষা বিভাগত একপ্ৰকাৰ অৰাজকতা চলিছে ৷বিদ্যালয় সমূহৰ ওপৰত কোনো নিয়ন্ত্ৰণ নাই শিক্ষা বিভাগৰ ৷ যোৱা ২৭ ফেব্ৰুৱাৰী বৃহস্পতিবাৰে পলাশবাৰী সমষ্টিৰ উপৰহালী ছোৱালী হাইস্কুলত প্ৰধান শিক্ষকৰ খালী পদক কেন্দ্ৰ কৰি এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হৈছিল ৷ বিদ্যালয় পৰিদৰ্শকে উপৰহালী ছোৱালী হাইস্কুলৰ জেষ্ঠ শিক্ষকৰ স্বীকৃতি দিয়াকলৈ প্ৰতিবাদী, হুলস্থূল হাইস্কুল খনৰ কৰ্মৰত শিক্ষয়িত্ৰী পদ্মিনী গোস্বামীৰ। বিশেষকৈ এই গৰাকী শিক্ষয়িত্ৰীয়ে একপ্ৰকাৰে স্কুলৰ শৈক্ষিক পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ অভিভাৱকৰ,ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকক ফনী শৰ্মাক অংগষ্ঠ দেখুৱাই চলাই গৈছে একনায়কত্ববাদ ,পঞ্জীয়ন বহী পৰ্যন্ত ফালি দিব বুলি ধমক দিয়ে প্ৰধান শিক্ষক ফণী শৰ্মাক পদ্মিনী গোস্বামীয়ে ৷ সাংবাদিকৰ লগত ফোনযোগে হোৱা বাৰ্তালাপত অকপট স্বীকাৰোক্তি বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক ফণী শৰ্মাৰ ৷ পৰিদৰ্শকৰ সিদ্ধান্তক একেচিতে অমান্য কৰি বিদ্যালয় খনত একপ্ৰকাৰ হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ অভিযোগ একাংশ শিক্ষকশিক্ষয়িত্ৰীৰ বিৰুদ্ধে ৷ উক্ত তথ্য সংগ্ৰহ কৰিব যোৱা সাংবাদিকক বাধা প্ৰদান বিদ্যালয় কৰ্তৃপক্ষৰ ৷ জানিব পৰা মতে বিদ্যালয় খনত বহুদিনৰ পৰা প্ৰধান শিক্ষকৰ পদৰ বাবে জেষ্ঠ শিক্ষক-শিক্ষয়িত্ৰী মাজত উপযুক্ত বিবেচিত হোৱাৰ ক্ষেত্ৰত হুলস্থূল চলিয়েই থাকে ৷ যাৰফলত ছাত্ৰ-ছাত্ৰী সকলৰ পাঠদানৰ ক্ষেত্ৰত ব্যাঘাত জন্মিছে ৷ আনহাতে বৰ্তমানৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক ফণী শৰ্মাৰ বিৰুদ্ধে উত্থাপিত হৈছে ব্যাপক অনিয়মৰ অভিযোগ ৷ অভিযোগ অনুসৰি হাইস্কুলৰ আন্তঃগাঁথনিৰ নামত চৰকাৰৰ পৰা আবণ্টন হোৱা সাহায্য পুঁজি সদব্যৱহাৰ কৰাৰ ক্ষেত্ৰত ব্যাপক অনিয়ম আৰু খেলিমেলিৰ অভিযোগ উত্থাপন হৈছে ৷ শ্ৰেণী শিক্ষক নিৰ্মল কাকতিৰ লগত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক ফণী শৰ্মাই গোপন বুজাবুজি কৰি বিদ্যালয় খনত সংঘটিত কৰিছে ব্যাপক অনিয়ম আৰু কেলেংকাৰী ৷ মধ্যাহ্ন ভোজনত নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰৰ লগতে চৰকাৰৰ নিয়ম অনুসৰি উৎকৃষ্ট আহাৰ প্ৰদান নকৰাৰ অভিযোগ অভিভাৱক সকলৰ ৷ মধ্যাহ্ন ভোজন ব্যৱহৃত অতিৰিক্ত সামগ্ৰী সমূহ অভিভাৱক সকলোক বিলাই দিয়ে ৷ বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ নামত আবণ্টন হোৱা চৰকাৰী পুঁজিৰ সদব্যৱহাৰ হোৱা নাই ৷ পোছাকৰ ক্ষেত্ৰটো অনুন্নত কাপোৰ ব্যৱহাৰ হৈ আহিছে ৷ একাংশ শিক্ষক-শিক্ষয়িত্ৰীয়ে সময়ত উপস্থিত নহয়,প্ৰাৰ্থনা হৈ যোৱাৰ পাছতহে উপস্থিত হয় ৷ নৈশ চকীদাৰ নহোৱা বিদ্যালয়খনৰ বহু সা-সামগ্ৰী ইতিমধ্যে চোৰে লুটপাত চলাই গৈছে,কিছুদিন আগতে বিদ্যালয়খনৰ পৰা এটা দমকল চুৰি হৈছে ৷ সংস্কৃত আৰু আৰবী শিক্ষকৰ অবিহনে চলি আছে পাঠদান ৷ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক ফণী শৰ্মাৰ দুৰ্বল নেতৃত্ব তথা বিষয়বস্তুৰ প্ৰতি তেখেতৰ অনীহা,সকলো বিষয়তে গাএৰা মন্তব্যৰ বাবে এতিয়া বিদ্যালয়খন অনিয়ন্ত্ৰিত হৈ পৰিছে ৷ অভিযোগৰ কথা উত্থাপন হ’লে ধুৱা তুলসীৰ পাতৰ দ্বৰে সজাবলৈ বিচাৰে বিদ্যালয় কৰ্তৃপক্ষই ৷ উল্লেখনীয় শিক্ষক-শিক্ষয়িত্ৰী সকলৰ পদবীৰ লালসা,ব্যক্তিগত খামখেয়ালী আৰু ছাত্ৰ-ছাত্ৰী সকলৰ পাঠদানৰ ক্ষেত্ৰত কৰা হেমাহিৰ বাবে ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক ভৱিষ্যতকলৈ একপ্ৰকাৰে শংকিত হৈ পৰিছে অভিভাৱক সকল ৷ এতিয়া প্ৰশ্ন হয়
শিক্ষাৰ মন্দিৰত যদি অনিয়ম চলে তেতিয়া হ’লে শিক্ষাৰ্থী সকলৰ ভৱিষ্যত কোনদিশে? পৰৱৰ্তীকালত শিক্ষা বিভাগে এই মতগৰ্ব্বী শিক্ষক-শিক্ষয়িত্ৰী বিৰুদ্ধে কি ব্যৱস্থা লয় সেয়া হব লক্ষণীয় ।