উপৰহালীত ৪২ তম সদৌ অসম ভিত্তিত লোকগীত আৰু বৰগীতৰ চলন্ত শ্বিল্ড প্ৰতিযোগিতাৰ আয়োজন
গণবাৰ্তা,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- পলাশবাৰী সমষ্টিৰ উপৰহালী- দখলা শ্ৰীশ্ৰী বুঢ়াগোসাঁই হৰিহৰ লোক সংগীত, সংগী দলৰ উদ্যোগত ২১ জানুৱাৰী মংগলবাৰে দখলা পাহাৰৰ শৈল শিখৰত ৪২ তম সদৌ অসম ভিত্তিত লোকগীত আৰু বৰগীতৰ চলন্ত শ্বিল্ড প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে ৷ অনুষ্ঠানৰ সভাপতিৰ পদত ক্ৰমে পবিত্ৰ কুমাৰ তালুকদাৰ,সাধাৰণ সম্পাদক দীনেশ কলিতা,উপ- সভাপতি চবিন ঠাকুৰীয়া, সহঃ সাধাৰণ সম্পাদকত্ৰয় কৈলাশ ঠাকুৰীয়া, বিদ্যাধৰ ভড়ালী, বিজয় তালুকদাৰ, মঞ্চ সম্পাদক হেৰাম্ব মজুমদাৰ ৷ এই অনুষ্ঠানৰ মুকলি সভা উদ্বোধনী কৰিব লোকগীতৰ ওজা বংশীধৰ দাসে, মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বিমল বড়া ( ক্ৰীড়া আৰু সাংস্কৃতিক মন্ত্ৰী অসম ) গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি ৷ সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া ৷ উল্লেখ্য যথা স্থান আৰু সময়ত প্ৰতিযোগিতাখন সাফল্যমণ্ডিত কৰি তুলিবলৈ সকলোৰে উপস্থিতি কামনা কৰিছে উদ্যোগতা সকলে ৷