উপৰহালীত চিলাৰায় দিৱস উদযাপন

উপৰহালীত চিলাৰায় দিৱস উদযাপন

প্ৰত্যেক বছৰতেই মহাবীৰ চিলাৰায় দিৱস উলহমালহেৰে উদযাপন কৰা হয় কিন্তু কোঁচ ৰাজবংশী সকলৰ জনজাতিকৰণ দাবী পূৰণ নহয় ৷

শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- দক্ষিণ কামৰূপৰ পলাশবাৰী বিধানসভা সমষ্টিৰ উপৰহালীত আজি ১২ ফেব্ৰুৱাৰী বুধবাৰে ভাৰতীয় জনতা পাৰ্টিৰ দক্ষিণ কামৰূপ জিলা আৰু দক্ষিণ কামৰূপ জিলা আক্ৰাছুৰ উদ্যোগত ৫১৫ সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱস উপৰহালীৰ চিলাৰায় ভৱনত উলহমালহেৰে উদযাপন কৰা হয় ৷ উক্ত অনুষ্ঠানত পতাকা উত্তোলন কৰে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাঙ্গ ঠাকুৰীয়াই আৰু আক্ৰাছুৰ দক্ষিণ কামৰূপৰ জিলা সভাপতি বিমল দাসে,মহাবীৰ চিলাৰায়ৰ প্ৰতিচ্ছবিত মাল্যবৰণ কৰে ভাৰতীয় জনতা পাৰ্টিৰ দক্ষিণ কামৰূপৰ সভাপতি অঞ্জন গোস্বামী,স্থানীয় বিধায়ক হেমাঙ্গ ঠাকুৰীয়া আৰু হিতেশ ঠাকুৰীয়াৰ লগতে উপস্থিত সমূহ ৰাইজ তথা অনুষ্ঠানত উপস্থিত বিশিষ্ট ব্যক্তি সকলে ৷ সভাত উপস্থিত থাকে দক্ষিণ কামৰূপ জিলা প্ৰভাৰী অনিৰ্বাণ গোস্বামী,বিশিষ্ট সমাজ কৰ্মী অনুপ মেধি ৷ উল্লেখযোগ্য দীৰ্ঘদিন ধৰি কোঁচ ৰাজবংশী সকলে জনজাতিকৰণ দাবী কৰি আহিছে কিন্তু তেওঁলোকৰ দাবী আজিলৈকে পূৰণ নহল। পোন্ধৰ বছৰীয়া নৰেন্দ্ৰ মোদীৰ কেন্দ্ৰীয় চৰকাৰে কোঁচ ৰাজবংশী সকলক জনজাতিকৰণৰ নামত ভেঙুচালি দেখুৱাই থকাৰ অভিযোগ উত্থাপন কৰে অনুষ্ঠানত উপস্থিত ৰাইজ তথা সচেতন মহলে ৷ এফালে বিশালভাৱে প্ৰত্যেক বছৰে মহাবীৰ চিলাৰায়ৰ নামত ৰাজকীয় সভা পাতি দিৱস উদযাপন কৰে আৰু আনফালে কোঁচ ৰাজবংশী সকলৰ জনজাতিকৰণ দাবী পূৰণ নকৰে ৷