উদীয়মান সংগীত শিল্পী আকাশ নিবিড় বুঢ়াগোঁহাইক হত্যাৰ অপচেষ্টা

উদীয়মান সংগীত শিল্পী আকাশ নিবিড় বুঢ়াগোঁহাইক হত্যাৰ অপচেষ্টা

ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ ৰূক্মিণী গাঁৱত চাঞ্চল্যকৰ ঘটনা । উদীয়মান সংগীত শিল্পী আকাশ নিবিড় বুঢ়াগোঁহাইক হত্যাৰ অপচেষ্টা। নিশা ৰূক্মিণী গাঁৱৰ ভাড়াঘৰত সংঘটিত এই নৃশংস ঘটনা। ৮-১০ জনীয়া গুণ্ডাবাহিনীয়ে হত্যাৰ অপচেষ্টা চলাই উদীয়মান সংগীত শিল্পীগৰাকীক। নিবিড় খাউণ্ড নামৰ এজন যুৱকৰ নেতৃত্বত এই গুণ্ডাবাহিনী আহিছিল বুলি আৰক্ষীক জনাইছে শিল্পীগৰাকীয়ে ৷ গুণ্ডাবাহিনীৰ দলটোৱে উপৰ্যুপৰি আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে । উল্লেখ্য যে, পূৰ্বে ৰুক্মিণীগাঁৱৰ ভাৰাঘৰটোতে ৰূমমেট হিচাপে আছিল আকাশ নিবিড় বুঢ়াগোঁহাই আৰু নিবিড় খাউণ্ড । ঘৰৰ ভাৰা দিয়াক লৈ দুয়োৰে মাজত প্ৰায়ে সৃষ্টি হৈছিল কাজিয়াৰ ।কিন্তু দেওবাৰে নিশা সীমা চেৰাই গৈছিল নিবিড় খাউণ্ডে। আকাশ নিবিড়ক ৮-১০ জনীয়া গুণ্ডাবাহিনীয়ে ৰদেৰে প্ৰহাৰ কৰাৰ লগতে নিবিড় খাউণ্ডে হত্যাৰ ভাবুকি দিয়া বুলি অভিযোগ উত্থাপন হৈছে। নিশা আকাশৰ পিতৃও আছিল ভাড়াঘৰটোত। পিতৃৰ সন্মুখতে আকাশ নিবিড়ক বেয়াকৈ প্ৰহাৰ কৰে গুণ্ডাবাহিনীয়ে। ইতিমধ্যে দিছপুৰ আৰক্ষীৰ কাষ চাপিছে উদীয়মান সংগীতশিল্পী আকাশ নিবিড় বুঢ়াগোঁহাইক।