উত্তৰ প্ৰদেশৰ আৰক্ষী কনিষ্টবল নিযুক্তি পৰীক্ষা বাতিল

উত্তৰ প্ৰদেশৰ আৰক্ষী কনিষ্টবল নিযুক্তি পৰীক্ষা বাতিল

ৰঙিলী বাৰ্ত্তাসেৱা- উত্তৰ প্ৰদেশৰ আৰক্ষী কনিষ্টবল নিযুক্তি পৰীক্ষা বাতিল কৰা হৈছে। যোৱা ১৭ আৰু ১৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত আৰক্ষী কনিষ্টবল নিযুক্তি পৰীক্ষাত প্রশ্নকাকত ফাদিল হোৱাৰ প্ৰমাণ স্পষ্ট হোৱাৰ পিছতে চৰকাৰীভাৱে এই পৰীক্ষা বাতিল কৰা হৈছে বুলি ঘোষণা কৰিছে। মুখ্যমন্ত্রী যোগী আদিত্যনাথে এই প্রশ্নকাকত ফাদিল সন্দর্ভত প্রতিক্রিয়া ব্যক্ত কৰি অহা ৬ মাহৰ ভিতৰতে আৰক্ষী কনিষ্টবল নিযুক্তি পৰীক্ষা পুনৰ অনুষ্ঠিত কৰা হ’ব বুলি ঘোষণা  কৰিছে। এতিয়ালৈকে নতুনকৈ পৰীক্ষা অনুষ্ঠিত কৰাৰ দিন ঘোষণা কৰা হোৱা নাই। মুখ্যমন্ত্রী যোগী আদিত্যনাথে আৰক্ষী কনিষ্টবল নিযুক্তি পৰীক্ষা বাতিল কৰা বুলি সামাজিক মাধ্যমযোগে ঘোষণা কৰাৰ পিছতে ৰাজ্যখনৰ লক্ষ্ণৌকে ধৰি বিভিন্ন স্থানত পৰীক্ষাৰ্থীসকলে আনন্দ-উল্লাস প্রদর্শন কৰিছে। উত্তৰ প্ৰদেশ আৰক্ষীয়ে প্ৰশ্নকাকত ফাদিল হোৱা সন্দৰ্ভত ২৪৪ জনতকৈ অধিক লোকক ইতিমধ্যে গ্রেপ্তাৰ কৰিছে। স্থানীয় অনুসন্ধানৰ সহযোগত উত্তৰ প্ৰদেশৰ এছটিএফৰ দলে প্রশ্নকাকত ফাদিল কৰা সন্দর্ভত অভিযান চলাই লোককেইজনক গ্রেপ্তাৰ কৰিবলৈ সক্ষম  হৈছে। প্রশ্নকাকত ফাদিলক লৈ গোচৰ ৰুজু কৰি আৰক্ষীয়ে অভিযান চলাই গ্রেপ্তাৰ  কৰাৰ লগতে এনে লোকৰ বিৰুদ্ধে কঠোৰ ন ব্যৱস্থা গ্রহণ কৰা হ’ব বুলিও প্ৰকাশ কৰিছে।