উত্তৰ পূব ভাৰতৰ কলা মহোৎসৱত জিলিকিছে মাজুলীৰ মুখাশিল্প, মিচিং সাজ-পাৰ আৰু পানী মেটেকাৰ পৰা উৎপাদিত সামগ্ৰী

উত্তৰ পূব ভাৰতৰ কলা মহোৎসৱত জিলিকিছে মাজুলীৰ মুখাশিল্প, মিচিং সাজ-পাৰ আৰু পানী মেটেকাৰ পৰা উৎপাদিত সামগ্ৰী
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা-  মাজুলীৰ চামগুৰি সত্ৰৰ মুখাশিল্প, পঞ্চমী টায়েৰ মিচিং সাজ-পাৰ আৰু অনন্ত নৰহে পানী মেটেকাৰ পৰা সাজি উলিওৱা পানী মেটেকাৰ বেগৰ লগতে অন্যান্য বহু সামগ্ৰীয়ে হায়দৰাবাদৰ ৰাষ্ট্ৰপতি ভবনত অনুষ্ঠিত উত্তৰ পূব ভাৰতৰ কলা মহোৎসৱত জিলিকি উঠিছে। নৰ্থ ইৰ্ষ্টান হেন্ডিক্ৰাফট এণ্ড হেন্দলুম ডেভেলপমেন্ট ক’ৰপাৰেচন লিমিটেডৰ উদ্যোগত হায়দৰাবাদৰ ৰাষ্ট্ৰপতি ভৱনত যোৱা ২৮ ছেপ্টেম্বৰৰ পৰা দহদিনীয়াকৈ অনুষ্ঠিত হৈছে উত্তৰ পূব ভাৰতৰ কলা মহোৎসৱ। উত্তৰ পূবৰ মনিপুৰ, মিজোৰাম, ত্ৰিপূৰা, ছিকিম, মেঘালয়, নগালেণ্ড আদিকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহে নিজা নিজা কৃষ্টি-সংস্কৃতি প্ৰদৰ্শন কৰে। উক্ত মহোৎসৱত অসমৰ হৈ মাজুলীৰ চামগুৰি সত্ৰৰ ‘সংগীত কলা কেন্দ্ৰ’ৰ পৰা প্ৰদীপ গোস্বামী আৰু ধীৰেন গোস্বামীয়ে অংশ লোৱাৰ সুযোগ লাভ কৰে। মুখাশিল্পীদ্বয়ে উক্ত মহোৎসৱত বিভিন্ন পৰম্পৰাগত মুখাৰ প্ৰদৰ্শন তথা থলীতে সাজি দেখুৱাই বিপুল সমাদৰ পাবলৈ সক্ষম হৈছে। ২৮ ছেপ্টেম্বৰত মহোৎসৱ খনিৰ শুভ উদ্বোধন কৰি ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূৱে মাজুলীৰ পৰম্পৰাগত মূখা শিল্পৰ শলাগ লয়। ৰাষ্ট্ৰপতি গৰাকীয়ে কিছুসময় ধৰি মুখা নিৰ্মাণৰ পৰম্পৰাগত পদ্ধতি সমূহ নিৰীক্ষণ কৰি মাজুলীৰ মুখা শিল্পক এক উৎকৃষ্ট কলা বুলি অভিহিত কৰে।
ৰাষ্ট্ৰপতি ভবনৰ মহোৎসৱথলীৰ পৰাই মাজুলীৰ চামগুৰি সত্ৰৰ মুখাশিল্পী ধীৰেন গোস্বামীয়ে টেলিফোন যোগে জানিবলৈ দিয়ামতে তেওঁলোকে মাজুলীৰ পৰা বৃহৎ আকাৰৰ হনুমান, পুতনা, মাৰিছ, সুবাহু, তাৰকা আদিৰ মুখা প্ৰদৰ্শনৰ বাবে লৈ গৈছে। ইয়াৰোপৰি বিক্ৰীৰ বাবে নিয়া গণেশ, গড়ূৰ, কৃষ্ণ, হনুমান আদিৰ সৰু সৰু মুখাই ক্ৰেতা ৰাইজৰ বিপুল সমাদৰ লাভ কৰিছে। লগতে প্ৰদৰ্শনীৰ বাবে মহোৎসৱ থলীত মুখা সাজি উলিয়াবৰ কাৰণে নিয়া প্ৰয়োজনীয় কেঁচা সামগ্ৰী আদিৰে দৰ্শক ৰাইজৰ সন্মুখতে সাজি উলিয়াইছে ইটোৰ পিছত সিটো সৰু-বৰ মুখা। উক্ত মহোৎসৱলৈ চামগুৰি সত্ৰৰ মুখা শিল্পৰ লগতে মাজুলীৰ বনৰীয়া চাপৰিৰ শিপিনী পঞ্চমী টায়েই মিচিং সাজ-পাৰ যেনে মিবু গালোক, গেৰহ, মিচিং মাফলাৰ আৰু কলীয়া গাঁৱৰ অনন্ত নৰহে পানী মেটেকাৰ পৰা সাজি উলিওৱা বেগৰ লগতে অন্যান্য সামগ্ৰীসহ উক্ত মহোৎসৱত অংশগ্ৰহণ কৰিছে। মহোৎসৱত মিচিং সাজ-পাৰৰ লগতে পানী মেটেকাৰ পৰা উৎপাদিত মোনাৰ লগতে অন্যান্য সামগ্ৰী সমূহে বিশেষ সমাদৰ লাভ কৰিছে।