উত্তৰ গুৱাহাটীত দুদিনীয়াকৈ আয়োজিত কৰা হ’ব ষঠ্ পূজা 

উত্তৰ গুৱাহাটীত দুদিনীয়াকৈ আয়োজিত কৰা হ’ব ষঠ্ পূজা 

ৰঙিলী বাৰ্ত্তাসেৱা– উত্তৰ গুৱাহাটী এইবেলিও ৭ আৰু ৮ নৱেম্বৰত দুদিনীয়াকৈ আয়োজন কৰা হ’ব ষঠ্ পূজা । সূৰ্য্য দেৱতাক অৰ্ঘ্য প্ৰদান কৰা উদ্দেশ্যৰে আজি ষঠ্ পূজা নিয়াৰিকৈ উদযাপন কৰিবলৈ শক্তিশালী উদযাপন সমিতি গঠন কৰা হয়। দেশ তথা ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে তীৰ্থনগীৰ উত্তৰ গুৱাহাটীটো ভক্তপ্ৰাণ ৰাইজে মহাধুমৰে ষঠ্ পূজাৰ আয়োজন কৰিব । এই উদ্দেশ্যে আজি উত্তৰ গুৱাহাটীত ষট পূজা উদযাপন সমিতি গঠন কৰা হয়। সমিতিখন হৈছে সভাপতি জয়ন্ত কুমাৰ নাথ, সম্পাদক মুকুটেশ্বৰ গোস্বামী, সহ সম্পাদক দ্বয় অনুজ ৰজক, নীলাংকজিৎ বৰুৱা, কোষাধ্যক্ষ সুনীল কুমাৰ, উপদেষ্টা দীপক দাস, জ্যোতিপ্ৰসাদ তামূলী,সীমান্ত ডেকা, আনন্দ ডুবে। প্ৰচাৰ বিভাগত কৌশিক দাস, মুনীন্দ্ৰ ডেকা, ৰন্টু বৈশ্য, মুহিতেশ্বৰ গোস্বামী, উৎপল তামূলী। সদস্য বৃন্দ ব্ৰজধৰ বৰুৱা, কৰুণা শইকীয়া, নিতু দাস, ৰাজেশ ঠাকুৰ।৭ আৰু ৮ নৱেম্বৰত নৈৰ পাৰত ভক্তসকল উপস্থিত হৈ সূৰ্য্য দেৱতাক অৰ্ঘ্য প্ৰদান প্ৰদান কৰিব । বিগত বছৰৰ দৰে এইবাৰো উত্তৰ গুৱাহাটী অঞ্চলৰ শতাধিক পৰিয়ালে পূজা অৰ্চনা কৰিব। আয়োজক সমিতিয়ে পূজা ভাগত সহায় সহযোগিতা আগবঢ়াবলৈ ভক্তপ্ৰাণ ৰাইজলৈ আহ্বান জনাইছে।