উজনি মাজুলী উন্নয়ন খণ্ডৰ সাংস্কৃতিক প্ৰেক্ষাগৃহত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- সংকল্প: জিলা মহিলা সৱলীকৰণ কেন্দ্ৰ, মহিলা আৰু শিশু বিকাশ বিভাগ মাজুলীৰ উদ্যোগত, আজি “বেটি বচাও বেটি পঢ়াও আঁচনিৰ” অধীনত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান মাজুলীৰ উজনি মাজুলী খণ্ড উন্নয়ন কাৰ্যালয়ৰ সহযোগত উন্নয়ন খণ্ডটিৰ সাংস্কৃতিক প্ৰেক্ষাগৃহত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰে । মাজুলী জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে শুভাৰম্ভ কৰা অনুষ্ঠানটিত সমল ব্যক্তি হিচাপে উপস্থিত থাকে উজনি মাজুলী খণ্ড উন্নয়ন বিষয়া, সমাজকৰ্মী ৰেণুমালা দত্ত ,জিলা সমাজ কল্যাণ বিষয়া উত্তম অধিকাৰী আৰু জেংৰাইমুখ মহাবিদ্যালয়ৰ অধ্যাপিকা নন্দিতা ডেকা । অনুষ্ঠানটিত জিলাখনৰ ৭ গৰাকীকৈ মহিলাক “Inspiring Women of Majuli” awad প্ৰদান কৰাৰ লগতে স্বাস্থ্য বিভাগ মাজুলীৰ সহযোগত মহিলা সকলৰ বাবে বিশেষ স্বাস্থ্য পৰীক্ষা শিবিৰ আয়োজন কৰা হয়। অনুষ্ঠানটিৰ আঁত ধৰে সংকল্পঃ জিলা মহিলা সবলীকৰণ কেন্দ্ৰ , মহিলা আৰু শিশু বিকাশ বিভাগৰ জিলা মিছন সমন্বয়ক কুকি বৰুৱাই।