উচ্ছেদ
তুমি পাৰিবা জানো হৃদয়ঙ্গম কৰিব
সিহঁত টো এতিয়া পাখি ভাঙা নিৰিহ পখী
জীৱন হেৰুওৱা ভয়ত মেঘে গৰজা
এন্ধাৰ সাৱতি বহি আছে সিহঁত
সিহঁতৰ ভয়াৰ্ত হৃদয় আশ্বাসহীন জীৱন
কোনটো সাহসেৰে বিচাৰে এখন
নীলিম আকাশ
বাট – পথ চৌদিশে বন্ধ
সিহঁতৰ চিনাকি দিওঁ কেনেকৈ
যোৱাটো বানত গঢ়া খহনীয়াই
নিলে উটুৱাই সকলো চিনাকি
আকৌ এবাৰ বুকুত আঁকি ল’লে
গজালি মেলক বুলি প্ৰভাত পোহৰৰ
তুমি বাৰু শুনিছানে উচ্ছেদিত
সকলৰ হিয়া ভগা কান্দোন
সিহঁতৰ আশা- আকাংক্ষা
শুকান পাত হৈ সৰি পৰে
সিহঁতৰ শৈশৱ- কৈশোৰৰ মেপ
বাৰে বাৰে সলনি হয়
সিহঁতৰ চিঞৰ শূণ্যত ওলমি ৰয়
সিহঁতৰ জীৱনৰ ভূগোল বাৰে বাৰে সলনি হয়
কাৰ স্বাৰ্থত সিহঁতৰ ওপৰত হেটালি খেল ?
জ্যোৎস্না ৰানী বেগম
পাঞ্জাবাৰী