উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ মাজুলী জিলাৰ ফলাফল

Pc DNA India
উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ মাজুলী জিলাৰ ফলাফল
বিকাশ শইকীয়া, মাজুলী, ৰঙিলী বাৰ্ত্তাসেৱা- সদ্য ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত মাজুলী জিলাৰ মুঠ ১৪ টা পৰীক্ষা কেন্দ্ৰৰ পৰা অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ ফলাফল এনেধৰণৰ- কলা শাখাত মুঠ অৱতীৰ্ণ পৰীক্ষাৰ্থী – ২১২৯ । ইয়াৰে প্ৰথম বিভাগত  ৩৪৬ জন , দ্বিতীয় বিভাগত  ৭৭৯ জন আৰু  তৃতীয় বিভাগত – ৮৫২ জন অৰ্থাৎ  সৰ্বমুঠ উত্তীৰ্ণ হয় ১৯৭৭ জন। উত্তীৰ্ণৰ শতকৰা হাৰ ৯২.৮৬ শতাংশ। বিজ্ঞান শাখাত মুঠ অৱতীৰ্ণ পৰীক্ষাৰ্থী – ৩৭৮ জন । ইয়াৰে প্ৰথম বিভাগত ৮১ জন , দ্বিতীয় বিভাগত ১০২ জন আৰু  তৃতীয় বিভাগ ১১৯ জন অৰ্থাৎ  সৰ্বমুঠ উত্তীৰ্ণ হয় ৩০২ জন । উত্তীৰ্ণৰ শতকৰা হাৰ ৭৯.৮৯ শতাংশ। বাণিজ্য শাখাত  মুঠ অৱতীৰ্ণ পৰীক্ষাৰ্থী ৩৫ জন । ইয়াৰে প্ৰথম বিভাগত ০৪ জন । দ্বিতীয় বিভাগত ১৫ জন আৰু  তৃতীয় বিভাগত ১০ জন অৰ্থাৎ  সৰ্বমুঠ উত্তীৰ্ণ হয় ২৯ জন । উত্তীৰ্ণৰ শতকৰা হাৰ ৮২.৮৬ শতাংশ। বৃত্তিমুখী শাখাত  অৱতীৰ্ণ হোৱা একমাত্ৰ পৰীক্ষাৰ্থী জন দ্বিতীয় বিভাগত উত্তীৰ্ণ হয় । উত্তীৰ্ণৰ শতকৰা হাৰ ১০০ শতাংশ।