ইচ্ছাবিহীন বিবাহ
নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি
ৰাজ আৰু নন্দিনীৰ বিয়াখন আজি ভালে ভালেই সম্পন্ন হ’ল। মা- দেউতা, জেষ্ঠজনৰ পৰা আশীৰ্বাদ লৈ এবুকু আৱেগ সামৰি ৰাজৰ লগত তাইৰ নতুন ঠিকনালৈ বুলি ৰাওনা হ’ল।
এজনী ছোৱালীৰ বাবে কিমান কষ্টকৰ হ’ব পাৰে,,,নিজৰ ঘৰখন, পৰিয়াল, আত্মীয় -স্বজন, বন্ধু- বান্ধৱ সকলোকে এৰি অন্য এক অজান ঠাইত গৈ সংসাৰ কৰা, adjust হোৱা।
বুকুত হেজাৰ সপোন বান্ধি লৈ তাইয়ো অন্য ছোৱালীৰ দৰে নতুন সংসাৰ টি অৰ্থাৎ ৰাজৰ পৰিয়াললৈ বুলি ঢাপলি মেলিলে। কৰণীয় নীতি নিয়ম অনুসৰি তাই নতুন ঘৰখনত প্ৰৱেশ কৰিলে।
নৱ -দম্পত্তীৰ বাবে আয়োজন কৰা বিশেষ ৰাতিটিত তাই নিজৰ আপোন মানু্হজন, যিজনৰ ভৰসাত তাই ইমান দূৰ, অচিনাকি ঘৰ এখনলৈ বিয়া হৈ আহিছে, তেঁওৰ বাবে ঘণ্টাৰ পাছত ঘণ্টা অপেক্ষা কৰি আছে।
কিন্তু তেঁও অহাৰ কোনো নাম- গোন্ধই নাই।তাই অপেক্ষা কৰি কৰি এসময়ত চকু দুটি লাগি আহিছিল হে মাত্ৰ। দুৱাৰখন খট কৈ মৰাৰ শব্দ শুনি তাই সাৰ পাই উঠিল। ডিঙি লৈকে নিচাযুক্ত দ্ৰব্য সেৱন কৰি মাতাল হৈ ঢলং পলং খোজৰ ৰাজ আহিছে । চকু দুটা ৰঙা হৈ আছে। দেখাত বৰ নম্ৰ , ভদ্ৰ মানু্হজনৰ এই হিংশ্ৰ ৰূপ দেখি নন্দিনী আচৰিত নোহোৱাকৈ পৰা নাই।
: আপুনি, drink কৰি আহিছে?
: অ’ কৰিছোঁ, আৰু কৰিম। তুমি সুধিব কোন?
: মই আপোনাৰ পত্নী। মোক আপুনি সমাজৰ সকলো নীতি -নিয়ম মানি হোমৰ গুৰিত পৱিত্ৰ অগ্নিক সাক্ষী কৰি বিয়া পাতি আনিছে।
: নামানো মই এই বিয়া, মোৰ কোনো মত নাছিল এই বিয়াত।
:একমাত্ৰ মাৰ কথা ৰাখিবলৈহে মই তোমাক বিয়া পাতিবলৈ মান্তি হৈছোঁ। এক প্ৰকাৰ হেঁচা প্ৰয়োগ কৰি বাধ্য কৰাইছিল। নাজানো কি দেখা পাইছিল মায়ে তোমাৰ মাজত,,,?
: আপুনি এইবোৰ কি কৈ আছে ? আপুনি নিজৰ চেতনাত নাই,,, পিছত এই বিষয়ে কথা পাতিম দিয়ক।
: পিছত কিয়? মই এতিয়াই পাতিম। মই তোমাক মোৰ পত্নী ৰূপত কেতিয়াও স্বীকাৰ নকৰোঁ।
: আপোনাক মই আগতেই সুধিছিলো ,” মোক পচন্দ হৈছে নে নাই?” তেতিয়া কিয় কোৱা নাছিল এই বিষয়ে?
: মাৰ তোমাক পছন্দ হৈছিল আৰু মই মাৰ মনত কষ্ট দিব বিচৰা নাছিলোঁ। তেওঁৰ কথাৰ অবাধ্য হোৱাৰ সাহস মোৰ কোনোদিনে নাই।
: আৰু এতিয়া যে মোক কষ্ট দি আছে?
: মই ৰিয়াক ভাল পাওঁ। আমাৰ সম্পৰ্কটো বহু পুৰণি।
তুমি বিচৰা সকলো সা- সুবিধা মই তোমাক দিম ।কিন্তু পত্নী হিচাপে মৰ্যাদা দিব নোৱাৰো। ভালপোৱা দিব নোৱাৰোঁ। মোৰ ভালপোৱাৰ ওপৰত মাথোঁ ৰিয়াৰ অধিকাৰ আছে।
: আপুনি যদি বেলেগ ছোৱালীক ভাল পাই, মোক কিয় বিয়া পাতিলে? কিয় আপোনাৰ মাক কৈ নিদিলে ৰিয়াৰ কথা?তাইক বিয়া পাতিব লাগিছিল।, মোৰ জীৱনটো কিয় নষ্ট কৰিলে? কোনে অধিকাৰ দিলে আপোনাক মোৰ জীৱনটো লৈ হেতালি খেলিবলৈ।
কান্দোনত ভাঙি পৰিছে ছোৱালী জনী। তাইৰ চকুৰ কাজল বৈ যোৱাকৈ কান্দিছে। কিন্তু আৱেগহীন ৰাজৰ সেইফালে কোনো ভূক্ষেপ নাই।
: যি হ’বলৈ আছিল হৈ গ’ল, এইবোৰ লৈ ভাৱি লাভ নাই ।বহুত ৰাতি হৈছে শুই যোৱা।
গাৰো আৰু পাতল ব্লেনকেট এখন লৈ ৰাজে চফা খনতেই শুই গ’ল।ফুলেৰে সজ্জিত কোমল আৰামী বিছনা খনত গোটেই নিশাৰ এপলকো নন্দিনীৰ টোপনি নাহিল। শিতানৰ গাৰো তিতি গ’ল তাইৰ চকু পানীৰে। সকলো সপোন নিমিষতে চুৰ- মাৰ হৈ গ’ল। পৃথিৱীৰ কোনো নাৰীয়েই সহ্য কৰিব নোৱাৰিব নিজৰ স্বামী জনে অন্য নাৰী এজনীক ভাল পাই বুলি কোৱা কথাটো।
তাইৰ লগত ৰাজে প্ৰতাৰণা কৰিছে। ৰাজ এজন প্ৰতাৰক স্বামী। সি তাইক সঁচা কথাবোৰ কৈ নিদি আন্ধাৰত ৰাখি বিয়াখন পাতিছে । তাই কি কৰিব একো ভাৱি নাপালে। তাক এৰি ঘৰলৈ গুছি গ’লেও নানান লোকে নানান কথা উলিৱাব। মা-দেউতাকৰ সংস্কাৰত প্ৰশ্ন উঠাব। তাইৰ চৰিত্ৰত আঙুলি টোৱাবলৈও দুবাৰ নাভাবিব।
তাই নিজৰ চকু পানী বিলাক মচি ল’লে।নাই তাই দুৰ্বল হৈ পৰিলে নহ’ব। তাই নিজৰ অধিকাৰৰ বাবে যুজিব লাগিব। তাইক কৰা প্ৰতাৰণাৰ প্ৰতিশোধ ল’ব লাগিব। এবাৰ বিয়া হৈ গৈছে যেতিয়া, বেয়া হওঁক বা ভাল হওঁক ৰাজ তাইৰ স্বামী। ৰাজৰ ওপৰত তাইৰ পূৰ্ণ অধিকাৰ আছে। কোনো মতেই তাই নিজৰ অধিকাৰৰ পৰা আঁতৰি নাহিব। বিয়াখন যিহেতু এবাৰ তাইৰ লগত হৈ গৈছে , ৰিয়াৰ লগত ৰাজৰ সম্পৰ্কটো অবধ্য।
নিজৰ সেন্দুৰকন চুই তাই প্ৰতিজ্ঞা কৰিলে ,ৰাজৰ প্ৰেমিকাক তেঁওলোকৰ জীৱনৰ পৰা আঁতৰাই পঠাব। ৰাজৰ মনত তাইৰ প্ৰতি ভালপোৱাৰ বীজ ৰোপণ কৰিব। ইমানেই মৰম – ভালপোৱাৰে তাৰ জীৱন উপচাই পেলাব যে ৰিয়াৰ কোনো অস্তিত্বই বিচাৰি নাপায় ।