ইংৰাজী নৱবৰ্ষ বন্দনা  – এছ, ইছলাম

ইংৰাজী নৱবৰ্ষ বন্দনা 

এছ, ইছলাম, শিক্ষক 
পশ্চিম মইনবৰী,বৰপেটা

নৱবৰ্ষত ৰবিৰ কিৰণে
শীতৰ ঘন কুঁৱলীৰ আৱেষ্টনীত
লুকা-ভাকু খেলে,
ভাস্কৰে কুঁৱলী ঠেলি ধৰালৈ আহে
দিনটোৰ ছবি অংকন কৰে।
এটি নতুন দিনৰ প্ৰভাত
নতুন প্ৰতিশ্ৰুতিৰে কৰে আগমন
মুনিচুনি বেলিটিয়ে ২০২৪ চনৰ পুৰণি
বছৰে বিদায় লোৱাৰ পৰত।
নতুন উদ্যমেৰে শান্তিৰ বাণী লৈ
নৱ সাজোনেৰে নৱবৰ্ষই ভূমুকি মাৰিব
উৎসাহ উদ্দীপনাৰে আমাক অলংকৃত কৰিব
নৱবৰ্ষই আমাৰ মন প্ৰস্ফুটিত কৰি তুলিব।
নৱবৰ্ষই কলুষ কালিমা লগা সমাজখনক
সংস্কাৰ কৰিব চৌদিশে নিপাত হ’ব
হত্যা ,লুণ্ঠন আৰু নাৰী ধৰ্ষণ,
নতুন বছৰে ৰোগ-ব্যাধি নিৰ্মূম কৰিব
জন-জীৱন মুক্ত হৈ পৰিব।
নৱবৰ্ষই শান্তিপূৰ্ণ সমন্বয় গঢ়িব
সাৰ্বজনীন বিশ্ব সমাজ স্থাপন কৰিব
সহিষ্ণুতাৰে ভৰি পৰিব মন
সুপ্ত হৈ থকা আন্ধাৰবোৰ আঁতৰাই পেলাব।
নৱবৰ্ষত সকলোৰে জীৱন ভৰি পৰক
সুখ, শান্তি আৰু সম্প্ৰীতিৰে
হিংসা-বিদ্বেষ আঁতৰাই শান্তি আৰু
বিশ্ব ভাতৃত্বৰে ভৰপূৰ হওক
তাৰে কামনা বিশ্ব প্ৰভুৰ ওচৰত ।