ইংৰাজী নৱবৰ্ষ
এছ, ইছলাম, বৰপেটা
ইংৰাজী নৱবৰ্ষত
ঘন কুঁৱলীৰ আৱেষ্টনীত
লুকা-ভাকু খেলে
দিবাকৰে কুঁৱলী ঠেলি ধৰালৈ আহে
দিনটোৰ ছবি অংকন কৰে।
এটি নতুন দিনৰ প্ৰভাত
নতুন প্ৰতিশ্ৰুতিৰে কৰে আগমন
সন্ধিয়াৰ মুনিচুনি বেলিটিয়ে
বিদায় লোৱাত।
ন উদ্যমেৰে শান্তিৰ বাণী লৈ
নৱ সাজোনেৰে নৱবৰ্ষই ভূমুকি মাৰে
উৎসাহ উদ্দীপনাৰে অলংকৃত কৰে
প্ৰস্ফুটিত কৰে আমাৰ মন।
নৱবৰ্ষই কলুষ কালিমা লগা সমাজ
সংস্কাৰ কৰিব চৌদিশে নিপাত হ’ব
হত্যা ,লুণ্ঠন আৰু নাৰী ধৰ্ষণ,
নিৰ্মূম কৰিব ৰোগ-ব্যাধি
মুক্ত হৈ পৰিব জনজীৱন।
নৱবৰ্ষই শান্তিপূৰ্ণ সমন্বয় গঢ়িব
সাৰ্বজনীন বিশ্ব সমাজ স্থাপন কৰিব
সহিষ্ণুতাৰে ভৰি পৰিব মন
সুপ্তহৈ থকা আন্ধাৰ আঁতৰাই পেলাব।
নৱবৰ্ষত সকলোৰে জীৱন ভৰি পৰক
সুখ, শান্তি আৰু সম্প্ৰীতিৰে
হিংসা-বিদ্বেষ আঁতৰাই শান্তি আৰু
বিশ্ব ভাতৃত্বৰে ভৰপূৰ হওক
তাৰে কামনা বিশ্ব প্ৰভুৰ ওচৰত ।