আৱেগ শূণ্য মানুহ – নাচিমা য়াচমিন

আৱেগ শূণ্য মানুহ

 নাচিমা য়াচমিন,
বিশ্বনাথ চাৰিআলি

হঠাৎ এদিন এজন মানুহ
কঠোৰ হৈ পৰে,
সকলো নীৰৱে সহি যোৱা জনেও
প্ৰত্যুত্তৰ দিবলৈ শিকে।
তেওঁ নিজ ইচ্ছাত, হাঁহি মুখে
কঠোৰ হৈছে?
নহয়।
তেঁওক বাধ্য কৰাইছে,
পৰিস্থিতিয়ে, আপোনত্বৰ মুখটা পিন্ধা
মানুহবোৰৰ অৱহেলা, অপমানে।
আৱেগ, অনুভূতিৰে পৰিপূৰ্ণ থকা
মানুহ জনৰ আজি
হৃদয় শূণ্য, শিলৰ দৰে কঠিন,
সহজতেই ভাঙি দিব পৰা
মানুহ জনৰ সম্মুখত আজি
হাতুৰীও শক্তিহীন।
কোনেও এবাৰো ভাৱি নাচায়
সৰল মন এটি কেনেকৈ কঠোৰ হয় ,
কিমান বেছি আঘাত পালে
আৱেগ খিনি শূণ্য হয়।