আৱেগৰ এপলক – প্ৰাণ প্ৰতিমা বড়া

PC - Pickpik
 আৱেগৰ এপলক
প্ৰাণ প্ৰতিমা বড়া, গুৱাহাটী
‘হেৰা শুনিছা ! আজি আমাৰ বিদ্যালয়ত নাটকৰ আখৰা আছে ৷ মোৰ আজি ঘৰলৈ আহোঁতে পলম হ’ব বুজিছা৷ তুমি আৰু চিন্তা কৰি নাথাকিবা ৷’
মই এজন কথা কৈ ভাল পোৱা মানুহ ৷ দিনটোৰ খতিয়ানখন মোৰ  আৰম্ভ হয় এওঁৰ আগত কথা কৈ…আৰু শেষো হয় একেদৰেই ৷ বহুত কথাই কৈ দিওঁ এওঁৰ আগত ৷ মোৰ কথাৰ শেষেই নহয় ৷
অ শুনাচোন ! তুমি পিছে কিবা খালানে নাই ? মই অলপমান আলুপিটিকাৰে  নিমখ-তেলৰ  সৈতে ভাত  অকণমান খালোঁ ৷ এতিয়া আৰু দিনটোলৈ চিন্তা নাই ৷ দিনটোৰ কাম-কাজবোৰ মোৰ বৰ দীঘলীয়া বুজিছা ৷
এহহহ… মনৰ কথাবোৰ কৈয়ে  দিওঁ ৰ’বা ৷ মই এজন বেচৰকাৰী বিদ্যালয়ৰ শিক্ষক ৷ বিয়া পতাৰ উপযুক্ত বয়স হৈছে মোৰ ৷ পিছে ছোৱালীৰ অভাৱ বুজিছা ৷ মা-দেউতাৰ আদৰুৱা ল’ৰা মই ৷ মা-দেউতাই ছোৱালী বিচাৰি ফুৰিছে মোৰ বাবে মানে বোৱাৰী কৰি আনিবলৈ । পিছে ভাল ঘৰৰ ছোৱালী কেইবাজনীয়েও মোক নাকচ কৰিছে কিয় জানানে….? মই হেনো চৰকাৰী চাকৰিয়াল নহয় ! সেইবাবে মোলৈ ছোৱালী নাহে ৷ পিছে মই বৰ বিন্দাছ মেজাজৰ ল’ৰা বুজিছা ৷ বিয়াৰ পতাৰ বয়সতো মোৰ অৱশ্যে ছোৱালীৰ প্ৰতি কোনো দুৰ্বলতা নাই বুজিছা ৷ কিন্তু মা-দেউতাৰ ইচ্ছাক সন্মান জনোৱাৰ হেতুকে মই বিয়া পাতিবলৈ মান্তি হৈছোঁ ৷ কিন্তু ছোৱালীৰহে অভাৱ বুজিছা ৷ হাহা…হা…হা ৷ অ আৰু এটা কথা, মই বিদ্যালয়ৰ ল’ৰা-ছোৱালী মানে ছাত্ৰ-ছাত্ৰীবোৰৰ বৰ মৰমৰ ৷ কিয় জানা… মই সিহঁতক বৰ মৰম কৰোঁ ৷ মোৰ কিছুমান কাম বৰ হেপাঁহৰ ৷ বিদ্যালয়ৰ পাঠ্যক্ৰমৰ দুই-এখন কিতাপ লিখিছোঁ ৷ শিক্ষাদান কৰাৰ ক্ষেত্ৰত মই কোনোদিনে কৃপনালি কৰা নাই বুজিছা ৷ কিন্তু….এটা কথা সঁচা যে মই অভিনয় কৰি বৰ ভাল ৷ বহুত নাটক লিখিছোঁ। মই নিজে অভিনয় কৰাৰ লগতে বিদ্যালয়ৰ কিছুমান প্ৰতিভাসম্পন্ন ছাত্ৰ-ছাত্ৰীসকলক অভিনয় দিশত আগবঢ়াই নিবৰ বাবে মই নাটক শিকাওঁ ৷ অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা অসমভিত্তিত আয়োজিত প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰাওঁ ৷ আমাৰ বিদ্যালয়ৰ বহুতো প্ৰতিভাশালী ছাত্ৰ-ছাত্ৰী আছে বুজিছা ৷ মোৰ এই পদক্ষেপত বিদ্যালয় কতৃপক্ষৰ লগতে বহুতো অভিভাৱক-অভিভাৱিকাই সহায়-সহযোগ কৰি আহিছে সেই ক্ষেত্ৰত মই ভাগ্যৱান ৷ ৰাসৰ কংসৰ ভাওত মই বহুবাৰ অভিনয় কৰিছোঁ ৷ মোৰ স্বাস্থ্য দেখিছা নহয় ৷ মোৰ দৰে শকত-আৱত, ওখ-পাখ মানুহজনক বোলে কংসৰ ভাওত বৰ ভয়ংকৰ দেখি ! কোনোবাজনে মোক তেনেদৰে ক’লে মই মনত বৰ আনন্দ পাওঁ বুজিছা ৷ মনে মনে মই অনুভৱ কৰোঁ যে মই কংসৰ ভাওত এজন সফল অভিনেতা৷ সেই কথা ভাবি মই কিন্তু মই অহংকাৰ নকৰোঁ দেই, অন্তৰেৰে মই আত্মসন্তুষ্টিহে লাভ কৰোঁ ৷ নাটক মোৰ প্ৰথম প্ৰেম  ৷ নাটক বুলিলে মই একেবাৰে  পাগল  ৷ তুমি আকৌ এই ক্ষেত্ৰত মোৰ ওপৰত আক্ষেপ নকৰিবা দেই সোণজনী ৷
আচলতে মই এজন ব্যক্তিগত খণ্ডৰ বিষয় শিক্ষক ৷ মই অৱশ্যে শিক্ষকতা কামটো মোৰ পেচা যদিও নাটক মোৰ নিচা ৷ নাটক লিখি, অভিনয় কৰি মই বৰ ভাল পাওঁ । অৱশ্যে নাটক শিকোৱা স্কুল এখনো খুলিছোঁ, তাতে আকৌ বহুতো অভিনয় ভাল পোৱা ছাত্ৰ-ছাত্ৰীক মই অভিনয় শিকাওঁ। সিহঁতৰ লগত কটোৱা সময়খিনি মোৰ বাবে বৰ মূল্যৱান সময় ৷
যোৰহাটৰ ল’ৰা মই আৰু মহানগৰীৰ ভাড়াঘৰত থাকোঁ ৷ মা-দেউতাৰ কনিষ্ঠ সন্তান হিচাপে মই ঘৰৰ বৰ আদৰুৱা ৷ মোৰ মা-দেউতা অৱসৰপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰী ৷ মোৰ মায়ে মোৰ বাবে ছোৱালী চোৱাত ব্যস্ত ঘৰৰ সৰু বোৱাৰী কৰি আনিবলৈ। বোৱাৰী কৰি অনাৰ ক্ষেত্ৰত মাৰ বহুখিনি চৰ্ত আছে জানানে ? মাৰ মতে ছোৱালীজনী দেখিবলৈ ধুনীয়া হ’ব লাগিব, অমায়িক লগতে শান্ত হ’ব লাগিব ৷ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’লে যে ছোৱালীজনী শিক্ষিত হ’ব লাগিব বুজিছা ৷ পিছে সমস্যা ক’ত হৈছা জানানে… ইমানখিনি গুণৰ অধিকাৰী ছোৱালী মায়ে পাইছে যদিও ছোৱালীয়েহে মোক নাকচ কৰিছে ৷ কিয় জানানে ? মই হেনো বেচৰকাৰী বিদ্যালয়ৰ শিক্ষক ! এই ক্ষেত্ৰত মোৰ মনত অলপো দুখ নাই ৷ মই মোৰ নিজৰ কামত একেবাৰে বিন্দাছ থাকোঁ ৷ বিভিন্ন কামকাজত নিজকে  ইমানেই ব্যস্ত কৰি ৰাখিছোঁ যে বিয়াৰ কথা ভাবিবলৈ অথবা চিন্তা কৰিবলৈ সময়েই নাপাওঁ দেখোন ! কিন্তু আজলী মাজনীলৈহে চিন্তা লাগে ৷ তেওঁ মোৰ বিয়াখনৰ  কথা ভাবি বৰ চিন্তাত পৰিছে ৷৷
আজিৰপৰা দুমাহমানৰ আগতে আমাৰ বিদ্যালয়ৰ  উৎপলা বাইদেওৱে তোমাৰ ফটোখন দিলে বুজিছা ৷ তোমাৰ এই মোহনীয়া চকুহালে মোক তেনেই বাউলী কৰিলে জানানে ! তোমাৰ মিছিকিয়া হাঁহিটিয়ে মোৰ কলিজাৰ নিভৃতকোণত খুপনি পুতিলে ৷ তুমি অতি সংগোপনে মোৰ বুকুৰ মাজত কুৰুকি-কুৰুকি সোমাই পৰিলা সোণজনী ৷ মোৰ মনৰ সমস্ত সুখ-দুখৰ কথা মই পুৱা-গধূলী এনেদৰে তোমাৰ ফটোখনৰ আগত  কৈ সন্তুষ্টি লাভ কৰোঁ বুজিছা ৷ তুমি মোৰ সমস্ত হিয়াখনতে আৱৰি আছা ৷ বহুত আশাৰে  তোমাক লৈ মোৰ মন-মন্দিৰত অলেখ সপোন দেখিছোঁ ৷ উৎপলা বাইদেওৱে কৈছে তুমিও হেনো মোক পছন্দ কৰিছা ৷ সেই কথাষাৰ শুনাৰে পৰা মই আকুল হৈ আছোঁ তোমাক লগ পাবলৈ। মই অহা সপ্তাহতে তোমাক দেখা কৰিবলৈ যাম বুজিছা৷ মোক লগ পোৱাৰ পিছত তুমি যদি সন্মতি দিয়া বেছিদিন নৰওঁ দেহা , অহা বহাগতে বিয়াখনকে পাতি পেলাম বুলি ভাবিছোঁ।