আৰ.বি.আই. কৰ্মচাৰীসকলে মজুৰি নিষ্পত্তিৰ বিষয়ত সমাধান বিচাৰি গণ আন্দোলন
ৰঙিলী বাৰ্ত্তাসেৱা- ৰিজাৰ্ভ বেংকৰ বিষয়া আৰু কৰ্মচাৰীৰ ইউনাইটেড ফ’ৰামে ৩০ নৱেম্বৰত এক গণ নৈমিত্তিক ছুটিসহ মজুৰি নিষ্পত্তিৰ সমস্যাৰ জৰুৰী সমাধান বিচাৰি গণ আন্দোলনৰ বাবে যোৱাৰ ভাবুকি দিছে।ইউনাইটেড ফ’ৰামৰ কাৰ্য্যালয়ৰ বিষয়াসকলে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শক্তিকান্ত দাসলৈ এখন পত্ৰ যোগে লিখিছে যে “আমাৰ ধৈৰ্য্য ক্ষীণ হৈ পৰিছে, আমাৰ সদস্যসকল অতি শংকিত আৰু অত্যন্ত উত্তেজিত মেজাজত আছে। এই পত্ৰৰ যোগেদিয়েই আৰ.বি.আই. কৰ্মচাৰীসকলে মজুৰি নিষ্পত্তিৰ বিষয়ত সমাধান বিচাৰি গণ আন্দোলনৰ কথা উল্লেখ কৰিছে।