আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক গ্ৰেপ্তাৰ

আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক গ্ৰেপ্তাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- দেশ জোকাৰি যোৱা আৰ জি কৰ কাণ্ডৰ নতুন মোৰ। অৱশেষত কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক গ্ৰেপ্তাৰ কৰে চি বি আয়ে।যোৱা ১৮ দিন ধৰি তেওঁ পুৱা চি জি অ’ কমপ্লেক্সলৈ আহি চি বি আইৰ জেৰাত অংশগ্ৰহণ কৰিছিল।সন্ধিয়া ছল্ট লেকৰ চি জি অ’ কমপ্লেক্সৰ পৰা নিজাম পেলেচৰ চি বি আইৰ কাৰ্যালয়লৈ অনা হয় সন্দীপ ঘোষক।উল্লেখ্য যে, কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংঘটিত এগৰাকী কনিষ্ঠ চিকিৎসকৰ ধৰ্ষণ-হত্যাৰ গোচৰৰ পিছতেই বহুকেইটা অভিযোগ উঠিছিল ৷ দেশজুৰি ভুক্তভোগী চিকিৎসকগৰাকীৰ ন্য়ায়ৰ দাবীত প্ৰতিবাদৰ জোৱাৰ উঠে ৷ সেই সময়তেই পদত্য়াগ কৰিছিল প্ৰতিষ্ঠানখনৰ অধ্যক্ষ সন্দীপ ঘোষে ৷ ইফালে চিকিৎসালয়খনৰ প্রাক্তন উপ-অধীক্ষক আখতাৰ আলীৰ এজাহাৰৰ পাছতে ঘটনাক লৈ তদন্ত আৰম্ভ হৈছিল। চিকিৎসালয়খনৰ প্ৰাক্তন উপ অধীক্ষকে সন্দীপ ঘোষৰ বিৰুদ্ধে নিবিদা দুৰ্নীতি আনকি মৃতদেহ সৰবৰাহৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। পৰৱৰ্তী সময়ত সন্দীপ ঘোষৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ গোচৰ ৰুজু হয়। দীঘলীয়া জেৰাৰ অন্তত চি বি আয়ে সোমবাৰে ঘোষক গ্ৰেপ্তাৰ কৰে ৷