আৰ জি কৰ কাণ্ডৰ মূল অভিযুক্ত সঞ্জয় ৰয়ক দোষী সাব্যস্ত আদালতৰ

আৰ জি কৰ কাণ্ডৰ মূল অভিযুক্ত সঞ্জয় ৰয়ক দোষী সাব্যস্ত আদালতৰ

ৰঙিলী বাৰ্ত্তাসেৱা- দেশ কঁপোৱা কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ আৰু হাস্পতালৰ এগৰাকী মহিলা চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ গোচৰ মূল অভিযুক্ত সঞ্জয় ৰয়ক দোষী সাব্যস্ত কৰিছে অতিৰিক্ত জিলা ন্যায়াধীশ শিয়ালদহ আদালতে ।মহিলা চিকিৎসকৰ ধৰ্ষণ-হত্যাৰ ন্যায় বিচাৰি দেশজুৰি চলা তীব্র প্ৰতিবাদৰ লগতে উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰা কঠোৰ স্থিতিৰ পৰিপ্ৰেক্ষিতত এই গোচৰৰ ৰায় ১৬২ দিনৰ ভিতৰতেই প্ৰদান কৰা হৈছে। প্ৰথমতে গোচৰটোৰ তদন্ত  কৰিছিল কলকাতা আৰক্ষীয়ে। উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপৰ পিছত গোচৰটো চিবিআইক হস্তান্তৰ কৰা হয়। চিবিআইয়ে ১৩ আগষ্টত গোচৰটোৰ তদন্তৰ দায়িত্ব গ্ৰহণ কৰিছিল আৰু পৰৱৰ্তী সময়ত তদন্ত আৰম্ভ কৰিছিল।পশ্চিমবংগৰ শিয়ালদহ আদালতত অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ অনির্বাণ দাসৰ বিচাৰপীঠে উক্ত গোচৰৰ মূল অভিযুক্ত সঞ্জয় ৰয়ক দোষী সাব্যস্ত কৰে। উল্লেখ্য যে ২০২৪ চনৰ ৯ আগষ্টত আৰ জি কৰ মেডিকেল কলেজ-হাস্পতালত কৰ্মৰত ৩১ বছৰীয়া প্ৰশিক্ষাৰ্থী মহিলা চিকিৎসক এগৰাকীক ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰাৰ ঘটনাত দেশজুৰি তীব্র প্রতিবাদৰ জোৱাৰ উঠে। এই ঘটনাত আৰক্ষীয়ে সঞ্জয় ৰয়ক মূল অভিযুক্ত হিচাপে ১০ আগষ্টত গ্ৰেপ্তাৰ কৰে। অভিযুক্ত সঞ্জয় ৰয়ক ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ৬৪, ৬৬ আৰু ১০৩ (১)ৰ অধীনত দোষী সাব্যস্ত কৰে আদালতে। ২০ জানুৱাৰীত দোষী সঞ্জয় ৰয়ৰ শাস্তি ঘোষণা কৰা হ’ব। ধর্ষণ-হত্যাকাৰী সঞ্জয় ৰয়ক আদালতে দোষী সাব্যস্ত ঘোষণা কৰাৰ পিছতে তৰুণী চিকিৎসকৰ পিতৃয়ে কান্দোনত ভাগি পৰে। আদালতত উপস্থিত থকা পিতৃয়ে এই ৰায়ৰ বাবে ন্যায়াধীশক ধন্যবাদ জ্ঞাপন কৰে। দুমাহ ধৰি চলা শুনানি বিগত বৰ্ষৰ নৱেম্বৰ মাহত আৰম্ভ হয় আৰু ১৮ জানুৱাৰীত এই ধৰ্ষণ আৰু হত্যাৰ গোচৰৰ ৰায়দান দিয়ে। উল্লেখ্য যে আৰ জি কৰ মেডিকেল কলেজ আৰু হাস্পতালৰ ছেমিনাৰ কক্ষৰ ভিতৰত ৩১ বছৰীয়া তৰুণী চিকিৎসকৰ মৃতদেহ উদ্ধাৰ হৈছিল।