আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতৰ দেশৰ মুছলমানসকলক লৈ বিশেষ মন্তব্য
ৰঙিলী বাৰ্ত্তাসেৱা- আৰ এছ এছ অনুমোদিত আলোচনী সংগঠক আৰু পঞ্চজন্যক দিয়া এক সাক্ষাৎকাৰত আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে দেশৰ মুছলমানসকলৰ বিষয়ে বহু কথা ব্যক্ত কৰিছে।মোহন ভাগৱতে কয় যে,” ভাৰতত মুছলমানে ভয় কৰাৰ কোনো প্ৰয়োজন নাই কিন্তু তেওঁলোকে ‘আমিয়েই শ্ৰেষ্ঠ’ সেই মনোভাৱ এৰিব লাগিব।ভাৰতত ইছলামৰ প্ৰতি কোনো ভাবুকি নাই।মাত্ৰ আমি ডাঙৰ, আমি এবাৰ ৰজা আছিলো, আমি আকৌ ৰজা হ’ম…এইটো ভাৱ এৰি দিব লাগিব। এনেকুৱা ভাৱ যদি কোনো হিন্দুৰ আছে তেঁৱো সেই ভাৱ এৰিব লাগিব। কোনো কমিউনিষ্টেও যদি এনে ভাৱ পুহি ৰাখিছে তেন্তে তেৱো সেই ভাৱ ত্যাগ কৰিব লাগিব।”তেওঁ হিন্দু সমাজক উদ্দ্যেশি কয় যে,হিন্দু সমাজেই একমাত্ৰ যি আক্ৰমণাত্মক নহয়, গতিকে অনাআক্ৰমণকাৰীতা, অহিংসা, গণতন্ত্ৰ, ধৰ্মনিৰপেক্ষতা… এই সকলোবোৰ সংৰক্ষণ কৰিব লাগিব।ভাৰত আৰু আন ঠাইত হিন্দুসকলৰ মাজত নতুনকৈ পোৱা আক্ৰমণৰ কাৰণ হৈছে হিন্দু সমাজে ১,০০০ বছৰৰো অধিক সময় ধৰি যুদ্ধত আছে আৰু অৱশেষত সংঘৰ সমৰ্থনত জাগ্ৰত হৈছে।