আৰ্চাৰী খেলুৱৈ সঞ্জয় বড়োক আপকাৰি বিভাগৰ পৰিদৰ্শকৰ নিযুক্তি

আৰ্চাৰী খেলুৱৈ সঞ্জয় বড়োক আপকাৰি বিভাগৰ পৰিদৰ্শকৰ নিযুক্তি
পৰিয়াল লোকৰ ব্যাপক সন্তুষ্টি প্ৰকাশ।

অমৰজিৎ ৰাভা, ওদালগুৰি, বাৰ্ত্তাসেৱা- বিটিআৰ ওদালগুৰি জিলাৰ অন্তৰ্গত ভেৰগাঁ‌ও টতলাপাৰা গাঁ‌ৱৰ নিবাসী সঞ্জয় বড়ো ২০০৫ চনৰ পৰা আৰ্চাৰী খেলৰ প্ৰসিক্ষণৰে প্ৰায় ২০০৮ চনত কোকৰাঝাৰ চাই কেন্দলৈ বাছনি হোৱা সঞ্জয় বড়োয়ে ২০০৯ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত অন্তৰাষ্ট্ৰীয় আৰ্চাৰী খেল প্ৰতিযোগীতাত অংশগ্ৰহণ কৰি সোণাৰ পদক বুটলিবলৈ সক্ষম হোৱা সঞ্জয় বড়োয়ে ক্ৰমান্বয়ে ১০ খনকৈ অন্তৰাষ্ট্ৰীয় আৰ্চাৰী খেলত অংশগ্ৰহণ কৰি অসম তথা ভাৰতবৰ্ষলৈ এটাৰ পিছত এটা সোণাম কঢ়িয়াই আনিবলৈ সক্ষমহোৱা অসমৰ পৰিশ্ৰমী খৈলুৱৈ । হীমা দাস আৰু লাভলিনাৰ পিছত বিটিআৰ অসমৰ আন দুগৰাকী শ্ৰেষ্ঠ খেলুৱৈ সঞ্জয় বড়ো আৰু যুমনা বড়োক অসম চৰকাৰৰ কেবিনেট সিধান্ত মৰ্মে চৰকাৰী চাকৰী আপকাৰী বিভাগৰ পৰিদৰ্শকৰ নিযুক্তিৰ ঘোষণাৰ পিছত সঞ্জয় বড়োৰ পৰিয়াল লোকে ব্যাপক সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে সঞ্জয় বড়ো, যুমনা বড়োৰ দৰে অসমত থকা আন আন পৰিশ্ৰমি খেলুৱৈ সকলকো চৰকাৰক দৃষ্টিগোচৰ কৰিবলৈ আহ্বান জনাই।