আৰক্ষীৰ লোকসকলে লগাব লাগিব স্থানীয় ভাষাৰ নামফলক
ৰঙিলী বাৰ্ত্তাসেৱা- অসম আৰক্ষীৰ বিষয়া-জোৱানৰ পোছাকৰ নামফলক’ত এতিয়াৰে পৰা বাধ্যতামূলক হ’ব অসমীয়া তথা স্থানীয় ভাষা।আৰক্ষীৰ লোকসকলে ৰাইজে স্পষ্টকৈ দেখাকৈ স্থানীয় ভাষাত অথবা দ্বি-ভাষীক নামফলক লগাব লাগিব।বিষয়া-জোৱানসকলে প্ৰয়োজনত অসমীয়া তথা স্থানীয় ভাষাৰ উপৰি দ্বি-ভাষিক ‘নাম ফলক’ লিখিব লাগিব।অসম আৰক্ষীৰ সকলো বিষয়া-জোৱানলৈ এই নির্দেশ জাৰি কৰিছে নৱ নিযুক্ত আৰক্ষী সঞ্চালক প্রধান জি পি সিঙে।