আহ্বান – আয়নাল হক

Pc- The Positive Psychology People
আহ্বান
আয়নাল হক ,ধুবুৰী 
আহা আগবাঢ়ি
একে সন্তান আমি ।
বিবেক আৰু বিবেচনাৰে
মনৰ সংকীৰ্ণতা দূৰ কৰি
দেশ মাতৃৰ পূজা কৰোঁ আহা
সম্প্ৰীতিৰ এনাজৰীৰে–।
বিভেদ আৰু বিচ্ছিন্নতাবাদক মষিমূৰ কৰি
আমি জানো আগবাঢ়ি যাব নোৱাৰোঁ
হাতে-হাত ধৰি ?
মাতৃৰ বাবে
আমি সকলো সমান–।
জননীৰ স্বাভিমান ৰক্ষা কৰিবলৈ
দৃঢ় সংকল্প লওঁ আহা–!
সন্তানৰ বিভেদকামী মনোভাৱত
আইৰ বুকু দহে
দুখুনী আইৰ চকুৰ টোপনি হৰে।
কোন সন্তানে হাত সাবটি
বহি থাকিব পাৰে
আইৰ দুৰ্যোগৰ কালত ?
ভেদা-ভেদ ত্যাগ কৰি
আইৰ ওঁঠত বিৰিঙাওঁ আহা
মাতৃত্বৰ সফলতাৰ হাঁহি ।
জগতত জিলিকি ৰওক
আইৰ শিৰৰ উজ্জ্বল কীৰ্তি…।