আহিল হেঁপাহৰ বʼহাগ – মিন্টু গোৱলা

আহিল হেঁপাহৰ বʼহাগ
 মিন্টু গোৱলা, লখিমপুৰ 
ফাগুনী পছোৱা জাকে লঠঙা
কৰি যোৱা গছবোৰত সেউজীয়া
ৰঙ সানিব লৈছে হেঁপাহৰ বʼহাগে
কুমলীয়া কুঁহি পাতৰ আৰঁত বহি কুলিটি
 জুৰিছে বʼহাগীৰ গীত ।
হেঁপাহৰ বʼহাগী আহিল
লঠঙা গছ লতাই পিন্ধিচে সেউজীয়া চোলা ।
তগৰ,  কেতেকী ,কপৌফুলে
 বিলালে বʼহাগৰ বতৰা।
ধোৱাঁচাংৰ ঢোলটি বাজি উঠিল বৰ গছৰ তলত
নাচনী সাঁজি- কাঁচি বʼহাগৰ বিহুক আদৰিছে ।