আহিবাচোন এবাৰ গোৱালপাৰালৈ
এছ ইছলাম, শিক্ষক
পশ্চিম মইনবৰী, বৰপেটা
পশ্চিম মইনবৰী, বৰপেটা
আহিবাচোন এবাৰ গোৱালপাৰালৈ
আছে অপেক্ষা কৰি পদুলি মুখত
আপোন মানুহজন গাভৰু বাটত
মাতে কৃষ্ণচূড়াই তোমাক ৰিঙিয়াই।
আহিবাচোন এবাৰ গোৱালপাৰালৈ
জেং নলগোৱা দুৱাৰে সোমাই গ’লেই
আপ্যায়িত কৰিব এসাগৰ মৰম
ভকুৱা পিঠা, তেলুৱা পিঠা আৰু এৱাঁ দৈ
থাকি যাব পাৰা এপক্ষেক মন গ’লেই।
ব্যস্ততাপূৰ্ণ পুৱা নদীৰ ঘাট
ফেৰী-নাওত আহিবা ইয়াত
কৃষ্ণচূড়া জোপাৰ তলত বহি পাতিবলৈ
হৃদয়ৰ গোপন কথা প্ৰাণখোলা হাঁহিৰে
কৰিব মুখৰিত বৈ অহা নিজৰাৰ পাৰ।
বালি চৰত সজা বালি-ঘৰে
আনিব পাৰে সোণালী শৈশৱ
মুনিচুনি বেলিৰ ৰঙচুৱা পোহৰত
ভৰাই তুলিব পাৰে উদং হৃদয়
ভাহি অহা অচিন সুৰে।
আহিবাচোন এবাৰ গোৱালপাৰালৈ
ইয়াৰ লোকগীত আৰু বাঁহীৰ মাতে
আনিব পাৰে মধুৰ স্মৃতি
অজানিতে হৈ যাব পাৰা অবুজ প্ৰেমৰ কবি
তিৰ্ বিৰ্ বিজুলী চাকিৰ পোহৰত
চাবপাৰা ঈদ সন্মিলন।
গোৱালপাৰাৰ ইলিচ্ মাছ
আছে শাৰী শাৰী কলগছ
পঞ্চৰত্ন-যোগীঘোপা সংযোগী ব্ৰীজ
সূর্যগিৰি যজ্ঞভূমি চাই যাব পাৰা তুমি
আহিবাচোন এবাৰ গোৱালপাৰালৈ।