আশাত্মক – সংগীতা ডেকা

আশাত্মক

 সংগীতা ডেকা , ৰঙিয়া

মৃত্যু এদিন আহিব
হয় , সঁচা সেয়া
কিন্তু , জীৱন !
জীৱন যে প্ৰতি পল
প্ৰতি ক্ষণেই
দুচকুত ধৰা দিয়ে…
মাথোঁ , বিচাৰি
চোৱাৰ
ইচ্ছা লাগে
প্ৰচেষ্টা লাগে
সাহস লাগে
কষ্টকৰ যদিও ,
এয়া , অসম্ভৱো তো নহয় !