আলোক – সুনম বিশ্বাস

PC - Vecteezy

চুটিগল্প

আলোক

সুনম বিশ্বাস, গোৰেশ্বৰ, তামুলপুৰ 

ধল পুৱাতেই ঘন কুঁৱলীৰ বুকুভেদি হাড় কঁপোৱা শীতত থৰথৰাই  কঁপা আঙুলিবোৰে বুটলি ফুৰে, শিক্ষিত সমাজৰ ভদ্রমানুহে  য’তে-ত’তে পেলোৱা আৱৰ্জনাবোৰ।পৰিৱেশ নিকা কৰাৰ পেচা , আপাততঃএয়া যেন পেটৰ তাড়নাত পালন কৰিবলগীয়া কৰ্তব্য। দীপে কান্ধত বস্তা এটা লৈ দোকমোকালিতে নৱ বৰুৱাৰ গেটখনৰ ওচৰত ৰৈ থাকে। তাক দেখি কুকুটোৱে নিতৌ ভুকে, এয়া যেন তাৰ কৰ্তব্য, সি প্ৰভুভক্ত ।ভুকভুকনিৰ শব্দ শুনি বৰুৱাৰ নিতৌ টোপনি ভঙাটো অভ্যাসত পৰিণত হৈছে । তেওঁ বেলকনিলৈ আহি নৌপাওঁতেই যেন  অদৃশ্য শক্তিৰ দৰে বিলীন হৈ যায়। এদিনাখন ৰহস্যৰ ওৰ পেলাবলৈ বৰুৱাই খিড়িকীৰ আৰঁত ৰৈ থাকিল ; তেওঁ দেখিলে,— ” কান্ধত বস্তাৰ টোপোলা এটা লৈ ল’ৰাজনে ‘পেপাৰবইয়ে’ গেটত থৈ যোৱা পেপাৰখন পঢ়ি আছে এই জাৰত পেপুৱা লাগি কোনোমতে থিয় দি আছে ।ভৰিত চেণ্ডেল এপাতো নাই। পঢ়াৰ প্রতি প্রবল ধাউতি দেখি তেওঁৰ মায়া উপজিল।একান্তমতে এক বিৰল দৃশ্য দেখি যেন তেওঁ সন্তোষ লভিছে। কুকুৰে ভুকা ৰহস্যটো উৎঘাটন কৰিবলৈ পাই তেওঁ সুখী।

এনেদৰে কেইবাদিনো চলি থাকিল।এদিন বৰুৱাই ল’ৰাটোক সুধিলে,  —” তোৰ নাম কি ? ” — সি ভয়ত পলাই যাব বিচাৰিছিল  , কিন্তু তেখেতৰ মৌসনা মাতত ভয় কিছু আঁতৰিল   । মোৰ নাম  দীপ  ।

— তাৰ মনোদশাৰ উমান পাই আৰু বিশেষ একো নুসুধিলে, ঘৰত থকা পুৰণি কিতাপ আৰু পেপাৰবোৰ  তাক দিলে । — সি কিতাপবোৰ দেখি আনন্দত আত্মহাৰা হ’ল। পৃথিৱীৰ সমস্ত সুখে যেন তাৰ ওচৰত আত্মসমর্পন কৰিছে…!  বস্তাত ভৰাই লৈ আনন্দমনেৰে ঘৰলৈ গ’ল । ঘৰ মানে বিশাল মহাশূন্যৰ তল ফুটপাথ | নিশা ষ্ট্ৰীটলাইটৰ পোহৰত  পঢ়ে, দিনত সময় নাপায়, পেটৰ তাড়নাই যেন সিহঁতৰ দৰে ল’ৰা-ছোৱালীক ফুল কুমলীয়া বয়সতে  দায়িত্ববান, পৰিশ্ৰমী, আত্মনিৰ্ভৰশীল  কৰি তুলে।এদিন আবেলি হঠাৎ কলিং বেলটো বাজি উঠিল। বৰুৱাই মুঢ়াত বহি পুৰণি ফটো এলবামখন লৈ অতীত ৰোমন্থন কৰিছে। যিটো সময়ত নাতি-নাতিনীহতঁৰ লগত ওমলি দিন কটোৱাৰ কথা,সেই বয়সত নিঃসংগতাই যেন একান্তভাৱে বুকুত টানি লৈছে। অসময়ত পত্নী হেৰুৱা বেদনাইয়ো যেন তেওঁৰ অন্তৰখনত খুঁটি খুঁটি খাইছে।বিশাল জনাৰুন্যত তেওঁ যেন এই বয়সত একাকীত্বত ভুগিছে। কপালৰ ঘাম মাটিত পেলাই সন্তান দুটাক পঢ়া-শুনা কৰাই ডাঙৰ কৰিলে৷ চাকৰিসূত্ৰে তেওঁলোক বিদেশত থাকে। বৃদ্ধ পিতৃৰ খবৰ ল’বলৈ যেন তেওঁলোকৰ আহৰি নাই। নিজ গৃহতে তেখেতে অনাথৰ দৰে দিন কটাইছে। কিন্তু হঠাৎ কলিঙৰ শব্দই যেন তেখেতৰ জীৱনৰ নতুন আশাৰ কঠীয়াতলিত এজাক মৃদু বৰষুণে শীতল কৰিছে । আনন্দত বুকুখন উফন্দি উঠিল। নিশ্চয় ল’ৰা আহিছে! চছ্মাযোৰ  ভালদৰে পিন্ধি কথঞ্চিৎৰূপে দুৱাৰখন খুলি তেখেতে অন্য এক দৃশ্যহে দেখিলে , — ” ওখ-পাখ এজন চফল ডেকা, মুখখন আবেলিৰ এচামকা সূর্যৰ পোহৰত জিলমিল কৰিছে। পোছাকযোৰত থকা নামফলকৰ আখৰকেইটা কোনোমতে উচ্চাৰণ কৰিলে ‘I -P-S D-E-E-P’….., বয়সৰ চাপত দৃষ্টিশক্তিয়ো আগৰ দৰে নাই।  — দীপে এখন পেপাৰ আৰু এটোপোলা চাকি দি তেখেতক সেৱা জনালে। তেওঁ ক’লে, —“খুৰা মোক চিনি পাইছেনে? সেই যে কুকুৰৰ ভুকভুকনিত আপোনাৰ  টোপনি ভাঙিছিল; কান্ধত বস্তা এটা লৈ ল’ৰাজন যে গেটৰ সম্মুখত ৰৈ আছিল….!” দীপৰ কথা শেষ নহওঁতেই তেখেতে তেওঁক বুকুত টানি ল’লে। এয়া যেন পিতা-পুত্ৰৰ মহামিলন, তেজৰ  সম্পৰ্ক নাই  তথাপিও যেন দুই আত্মাৰ একমধুৰ আলিঙ্গন; এয়া যেন মনিকাঞ্চন-সংযোগ।   চৈধ্য বছৰ বনবাসৰ পিছত প্ৰভু আগমনে অযোধ্যাবাসীৰ মনত যি আনন্দ হৈছিল তদ্ৰুপ তেখেতৰ ঘৰলৈ স্বয়ং প্ৰভু ৰামৰ দৰে দীপৰ আগমন হৈছে… চৌপাশ সুখৰ অৱবাহিকাত উটি-ভাহি যোৱাৰ উপক্ৰম হৈছে ! অতবছৰৰ দীপাৱলীৰ পোহৰত গোটেই পৃথিৱীখন আলোকিত হ’লেও আজিৰ দীপাৱলীৰ আনন্দই সুকীয়া ।তেওঁৰ অন্ধকাৰাচ্ছন্ন জীৱনটো দীপে অপৰিসীম আলোকেৰে আলোকিত কৰি জীয়াই থকাৰ নতুন বাট মুকলি কৰি দিলে …..!