আলেকজেণ্ডাৰক কৈ দিবাগৈ – জ্যোতি খাটনিয়াৰ

আলেকজেণ্ডাৰক কৈ দিবাগৈ

জ্যোতি খাটনিয়াৰ

জ্ঞানৰ জগতখনত বিচৰণ কৰা সকলৰ বাবে এটা প্ৰধান আগ্ৰহৰ বিষয় হ’ল মানৱ ইতিহাসে বিশেষভাৱে স্বীকৃতি দিয়া জ্ঞানচৰ্চাৰ কেন্দ্ৰসমূহত কিদৰে বিভিন্ন জনৰ মাজত, পাৰস্পৰিক বিৰোধীতা থকা স্বত্তেও, জ্ঞানৰ আদান- প্ৰদান হৈছিল? হাজাৰ হাজাৰ বছৰ বিয়পা মানুহৰ সাধনাই কিদৰে মনৰ অলি-গলিত চিন্তাৰ চাকিক জ্বলাই ৰাখিছিল? মানৱ আত্মাৰ নীৰৱ আৰু দীঘলীয়া পৰিক্ৰমাৰ বাটত যিবোৰ অঞ্চলে গভীৰ চাপ পেলাই গৈছে, সেইবোৰ অঞ্চল দৰাচলতে পৃথিৱীৰ উমৈহতীয়া অঞ্চল। একবিংশ শতিকাৰ এই সময়ছোৱাত থিয় হৈ জানিবলৈ মন যায়, কি ধ্যানমগ্ন তন্ময়তা আৰু গভীৰ অধ্যৱসায়েৰে তক্ষশীলা, আলেকজেন্দ্ৰিয়া , নালন্দা , কেম্ব্ৰিজ, অক্সফোৰ্ড, গটিনজেন, কোপেনহাগেন , পেৰিছ আদি জ্ঞান চৰ্চাৰ কেন্দ্ৰবোৰত উৎসৰ্গিত মানৱ আত্মাই সত্যৰ সন্ধান কৰিছিল? সত্যৰ সন্ধানত এই নিমগ্ন মানৱ আত্মাবোৰে জয় কৰিছিল প্ৰলোভন আৰু ভয়ক। তেওঁলোকৰ যাত্ৰা আছিল আন্ধাৰৰ পৰা পোহৰলৈ । খ্ৰীষ্টপূৰ্ব চতুৰ্থ শতিকাত ৰণ উন্মাদ আলেকজেণ্ডাৰে তক্ষশীলাত উপস্থিত হৈ প্ৰখ্যাত সাধু দণ্ডামিছক মাতি পঠিয়ালে। আলেকজেণ্ডাৰৰ দূতে সাধু দণ্ডামিছক কৈছিল যে মহান জিউছৰ পুত্ৰ বিশ্ববিজয়ী আলেকজেণ্ডাৰে তেওঁক লগ পাব খুজিছে। সাধুজনা গ’লে তেওঁক ধন সোণেৰে ওপচাই পেলোৱা হ’ব আৰু নগ’লে তেওঁক শিৰচ্ছেদ কৰা হ’ব । এয়াই আলেকজেণ্ডাৰৰ আদেশ। অৰণ্যৰ মাজত প্ৰশান্ত চিত্তেৰে বহি থকা দণ্ডামিছৰ মুখত এই কথা শুনি সামান্য অভিব্যক্তিও দেখা নগ’ল। গছৰ পাতেৰে ঢাক খাই থকা তেওঁৰ শৰীৰৰ পৰা আনকি মুখখনো ওলাই নাহিল। তেওঁ আলেকজেণ্ডাৰৰ দূতক উত্তৰ দিলে : “ আলেকজেণ্ডাৰ যদি মহান জিউছৰ পুত্ৰ, তেনেহলে ময়ো সেই জিউছৰে সন্তান। যোৱা আৰু কোৱাগৈ, বিশ্বত সূৰ্য্যৰ পোহৰ পৰা এনে বহু দেশ আছে আৰু এনে বহু মানুহ আছে যি আলেকজেণ্ডাৰৰ নামেই এতিয়ালৈকে শুনা নাই। আলেকজেণ্ডাৰ সৰ্বশক্তিমান নহয়। কাৰণ তেওঁ মৃত্যুৰ অধীন। তেওঁ মোক যি ধন – সোণ দিব খুজিছে, সেইবোৰৰ মোক কোনো প্ৰয়োজন নাই। কাৰণ এই অৰণ্যৰ গছ লতা আৰু জান – জুৰিৰ পানীয়েই মোৰ বাবে যথেষ্ট। তেওঁ মোক হত্যা কৰিলে মোৰ আত্মা অনন্ত শূন্যত বিয়পি পৰিব , যাৰ ওপৰত তেওঁ কোনোদিনেই নিয়ন্ত্ৰণ স্থাপন কৰিব নোৱাৰিব। “ ইপিনে বিশ্ব বিজয়ত ওলোৱাৰ পূৰ্বে আলেকজেণ্ডাৰক মহান দাৰ্শনিক আৰু তেওঁৰ গুৰু এৰিষ্ট’টেলে কৈ পঠিয়াইছিল যে ভাৰতত তেওঁ এনে লোক লগ পাব, যাৰ বৈষয়িক কথা বতৰা বা ধন সম্পদত কোনো আসক্তি নাই। সাধু দণ্ডামিছ এৰিষ্ট’টেলে আলেকজেণ্ডাৰক কৈ পঠিওৱা তেনে এজনা লোক। দণ্ডামিছে আলেকজেণ্ডাৰক উদ্দেশ্যি আৰু কৈ পঠিয়াইছিল যে তেওঁক আলেকজেণ্ডাৰৰ কোনো প্ৰয়োজন নাই। আৰু যদিহে আলেকজেণ্ডাৰে কিবা কথা জানিব খোজে , তেনেহ’লে তেওঁ দণ্ডামিছৰ ওচৰলৈ আহিব পাৰে। আলেকজেণ্ডাৰ অভিভূত হ’ল আৰু অধিৰ আগ্ৰহেৰে তেওঁ দণ্ডামিছক দেখা কৰিলেগৈ। পৰৱৰ্তী সময়ত তক্ষশীলাত সেই আলেকজেণ্ডাৰে কেইবাগৰাকীও বিদ্বানক মাতি আনি অতি জটিল প্ৰশ্ন সুধিবলৈ ল’লে। আৰু সতৰ্ক কৰি দিলে যে কোনো উত্তৰে সম্ৰাট আলেকজেণ্ডাৰক অসন্তুষ্ট কৰিলে তেওঁলোকক হত্যা কৰা হ’ব। ইয়াৰ এটা প্ৰশ্ন আছিল : জীৱন আৰু মৃত্যুৰ মাজত কোন বেছি অৰ্থবহ? বিদ্বান এজনাৰ উত্তৰ হ’ল জীৱন। কাৰণ ই অসংখ্য জটিলতা আৰু নানা নেতিবাচক কথা – বতৰাক কঢ়িয়াব লগাত পৰে। আলেকজেণ্ডাৰে সোধা প্ৰশ্ন আছিল : দিন আগৰ নে ৰাতি আগৰ? বিদ্বানৰ উত্তৰ হ’ল : দিন ৰাতিতকৈ এদিন আগৰ। আলেকজেণ্ডাৰে এই উত্তৰ শুনি আচৰিত হোৱা দেখি নিৰ্ভিক পণ্ডিতজনাই ৰণ উন্মাদ সম্ৰাটজনাৰ চোকা তৰোৱালকো ভয় নকৰি কৈ উঠিল যে সম্ৰাট আপুনি অবান্তৰ প্ৰশ্ন সুধিছে আৰু অবান্তৰ উত্তৰে পাব। আলেকজেণ্ডাৰৰ আন এটা প্ৰশ্ন আছিল : এজন মানুহক সৰ্বাধিক কেতিয়া ভাল পাব পাৰি? বিদ্বান এজনাৰ উত্তৰ আছিল : অতি শক্তিশালী হৈয়ো যিজনাই ভয়ৰ উদ্ৰেক নকৰে। তক্ষশীলাৰ এই উজ্জীৱিত জ্ঞানচৰ্চাৰ পৰিবেশ দেখি সম্ৰাট আলেকজেণ্ডাৰ বিস্মিত হ’ল আৰু ধন সোণ সহ কেউজনা বিদ্বানক বিদায় দিলে। পৰৱৰ্তী সময়ত তক্ষশীলাত বিশ্ববিদ্যালয় গঢ়ি উঠিল।আলেকজেণ্ডাৰে নীল নৈৰ পাৰত ইজিপ্তৰ বুকুত গঢ়ি তুলিলে জ্ঞান চৰ্চাৰ আন এক অতি শক্তিশালী কেন্দ্ৰ আলেকজেন্দ্ৰিয়া ( খ্ৰীষ্টপূৰ্ব ৩৩১ ত স্থাপিত) । মনৰ চকুৰে উভতি চালে যিকোনো অধ্যয়ন পিপাসুলোকে দেখা পাব, আজিৰ পৰা ১৬০০ বছৰ আগলৈকে আলেকজেন্দ্ৰিয়াত সক্ৰিয় হৈ থকা চিন্তা চৰ্চাৰ বিশেষ পৰিবেশ। কি বিষয়ৰ অধ্যয়ন হোৱা নাই তাত ? জ্যামিতি, গণিত , দৰ্শন, জ্যোতিৰ্বিজ্ঞান, যন্ত্ৰ – পাতি নিৰ্মাণ — এই সকলোবোৰৰ মেটমৰা জ্ঞানৰ সম্ভাৰ লৈ আলেকজেন্দ্ৰিয়াৰ পুথিভঁৰালত ব্যস্ত পৃথিৱীৰ বিভিন্ন কোণৰ পৰা পঢ়িবলৈ যোৱা ছাত্ৰ – সমাজ। প্লেটোৰ দৰ্শন, ইউক্লিডৰ জ্যামিতি , ডায়োফেন্তাছৰ বীজগণিত, ইজিপ্তৰ কৃষিখণ্ডৰ বাবে প্ৰয়োজনীয় কেলেণ্ডাৰ, নানান বৈজ্ঞানিক যন্ত্ৰ পাতি নিৰ্মাণ , এই সকলোবোৰে সমৃদ্ধ কৰিছে নীল নদীৰ পাৰৰ ইজিপ্তৰ এই জ্ঞানৰ পোহৰৰে উদ্ভাসিত বিশেষ অঞ্চল।

গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰে তেওঁৰ অতি শক্তিশালী ৰচনা ‘ আশ্ৰমৰ ৰূপ ও বিকাশ’ ত কৈছে যে প্ৰাচীন ভাৰতত তপোবন আচলতে কেনেকুৱা আছিল, সেয়া আজি কোৱা অসম্ভৱ। এই কথা বুজা যায় যে অৰণ্যই আছিল জ্ঞান পিপাসুৰ সাধনাৰ স্থল । পুত্ৰ পৰিবাৰক লৈ তেওঁলোকে তাতেই গাৰ্হস্থ্য জীৱন পালন কৰিছিল। স্বাভাৱিকতে কাম, ক্ৰোধ, ৰাগ, খং , দ্বেষৰ আলোড়ন তাত আছিল। কিন্তু ৰবীন্দ্ৰনাথৰ মতে ভাৰতৰ আত্মা আৰু সাহিত্যত তপোবনৰ যি ৰূপ স্থায়ী হৈ ৰৈ গৈছে, সেয়া হল কল্যাণৰ নিৰ্মল সুন্দৰ মানস মূৰ্তি। বিলাস – মোহমুক্ত শক্তিশালী আনন্দৰ এটা ৰূপ এই তপোবন। তপস্যাৰ এটা গতিমান ধাৰা এই তপোবনত প্ৰবাহিত হৈছে। এই শিক্ষা পদ্ধতিত শিক্ষক জনা এজন নিষ্ক্ৰিয় মানুহ নহয়। কাৰণ, মনুষ্যত্বৰ লক্ষ্য সাধনতেই তেওঁ ব্যস্ত। অৰণ্যৰ নিৰ্মল পৰিবেশত,নিজৰাৰ শব্দ, গাই গৰুৰ হেম্বেলনি, বসন্তৰ ৰিব ৰিব মলয়া, শীতৰ পুৱাৰ ৰ’দৰ আমেজ —— এইবোৰৰ মাজত কেনেদৰে জ্ঞানৰ চৰ্চা হৈছিল , সেয়া আজি ৰবীন্দ্ৰনাথৰ চিন্তা ধাৰ কৰি ক’বলৈ গ’লে, এক শান্ত, সুন্দৰ যুগৰ প্ৰতীক। এই তপোবনৰ মাধ্যমেৰে জ্ঞান চৰ্চা কিমান দিন চলি থাকিল , সেয়া কোৱা টান। কিন্তু এই কথা স্পষ্ট যে সকলোৱে মিলি কাম কৰাৰ যি প্ৰৱণতা, যাৰ জৰিয়তে আশ্ৰম ব্যৱস্থাত পৰিচালিত হৈছিল , সি আছিল পুনৰাই ৰবীন্দ্ৰনাথৰ ভাষাত “ কৰ্ম সমবায়” । তপোবন বা আশ্ৰমৰ শিক্ষা বা জীৱন শৈলীৰ মূল কথাটোৱে হ’ল : “ বস্তুলুব্ধতাৰ পৰা মুক্তি”। ৰবীন্দ্ৰনাথে তেওঁৰ শান্তিনিকেতনৰ শিক্ষা ব্যৱস্থাত প্ৰাচীন ভাৰতৰ তপোবন বা আশ্ৰমৰ ধাৰণাটোক প্ৰয়োগ কৰিব খুজিছিল। তেওঁ বিশ্বাস কৰিছিল যে গুৰু আৰু শিষ্যৰ সম্বন্ধ হোৱা উচিত আধ্যাত্মিক। আন কথাত শিক্ষা দিয়াটো গুৰুজনাৰ নিজৰ সাধনাৰেই প্ৰধান অংগ। প্ৰাচীন ভাৰতৰ নালন্দা বিশ্ববিদ্যালয়ৰ শিক্ষা ব্যৱস্থাটোক কবিগুৰু ৰবীন্দ্ৰনাথৰ এই গভীৰ উপলব্ধিৰ সবাতোকৈ শক্তিশালী উদাহৰণ বুলি ভাবিব পৰা যায়।

জানিবলৈ মন যায়, কি অসাধাৰণ সংযম আৰু অনুশীলনেৰে নালন্দাৰ কোঠালীবোৰত গুৰু আৰু শিষ্যৰ মাজত ভাৱৰ আদান প্ৰদান হৈছিল। লাখ লাখ পাণ্ডুলিপি থকা নালন্দাৰ পুথিভঁৰালত জ্ঞানৰ কি বিচিত্ৰ ৰূপবোৰে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা দহ হেজাৰৰো অধিক শিক্ষাৰ্থীৰ চকুৰ আগত অগা দেৱা কৰিছিল। নালন্দাৰ সোতৰজন প্ৰসিদ্ধ শিক্ষকৰ প্ৰত্যেকেই আছিল অসাধাৰণ জ্ঞানপুষ্ট। অক্সফোৰ্ড বিশ্ববিদ্যালয়ত প্ৰতিষ্ঠা হোৱা বহু আগেয়ে পৃথিৱীৰ প্ৰথমখন আৱাসিক বিশ্ববিদ্যালয় স্থাপন হৈছিল। গুপ্ত সম্ৰাটসকল আছিল হিন্দু। কিন্তু বৌদ্ধ সকলৰ চিন্তা চৰ্চাৰ আঁৰত থকা বুদ্ধিদীপ্ততা আৰু ওখ খাপৰ দাৰ্শনিক ভাৱনাই তেওঁলোকক আকৰ্ষিত কৰিছিল। এই চিন্তা চৰ্চাৰ পৰিসৰ আৰু গভীৰতা ইমানেই আছিল যে দালাই লামাই কিছু দিনৰ আগতে এনেদৰে মন্তব্য কৰিছিল : The source of all the Buddhist knowledge we have has come from Nalanda. ” এই জ্ঞান চৰ্চাৰ কেন্দ্ৰ স্থলীত সোতৰ জনকৈ অসাধাৰণ বিদ্বানৰ নাম জড়িত হৈ আছিল। মহান দাৰ্শনিক নাগাৰ্জুন, আৰ্য্যদেৱ, বুদ্ধ পালিতা, ভৱ ৱিৱেক, চন্দ্ৰ কীৰ্তি, শান্তিদেৱ , শান্ত ৰক্ষিত, কমল ক্ষীলা, আসংগ, বসুবন্ধু, দিগ্নাগ্ন , ধৰ্মকীৰ্তি , আৰ্য্য বিমুক্তি সেন, হৰিভদ্ৰ ,গুণপ্ৰভ, শাক্যপ্রভ , অতীশা — এই প্ৰতিগৰাকী বিদ্বানৰে জ্ঞানৰ জগতলৈ বৰঙণি অসীম । বসুবন্ধুৱে মানুহৰ মানসিক জগতখনৰ বিষয়ে বিতংকৈ অধ্যয়ন কৰি গৈছে। যোগাচাৰ বৌদ্ধ মতবাদৰ তেওঁ অন্যতম প্ৰবক্তা। নাগাৰ্জুনে আকৌ ভাৰতীয় চিন্তাত মধ্যম পন্থাৰ ধাৰণাটোক শক্তিশালী কৰি তুলিছিল। বহুতৰ মতে খ্ৰীষ্টিয় ষষ্ঠ শতিকাত এই বিশ্ববিদ্যালয়ৰ দায়িত্বত আছিল আচাৰ্যৰ দায়িত্বত আছিল মহান গণিতজ্ঞ আৰ্যভট্ট।

ইয়াত কেনে ধৰণৰ জ্ঞান চৰ্চা চলিছিল, তাৰ আভাস অন্য এক প্ৰসংগত বিখ্যাত ভাৰতীয় দাৰ্শনিক জিতেন্দ্ৰনাথ মহান্তিয়ে ডাঙি ধৰা এক মন্তব্যৰ পৰা অনুমান কৰিব পাৰি : The Buddhist philosophers rejected the belief in an imperishable self , they rejected the naive realism about the external world , they rejected the power of language to mirror reality , they rejected the efficacy of ritualistic actions and by implication, the authority of the Vedas and not an unimportant revolution, they rejected the divine origin of monarchy. “

অস্তিত্বৰ মূল আধাৰ আৰু জীৱন যাপনৰ পৰিক্ৰমাক লৈ যদি তক্ষশীলা বা নালন্দাত গভীৰ চৰ্চা হৈছিল, তাৰ বিপৰীতে প্ৰায় কেইবা শ বছৰৰ পিছৰ জাৰ্মানীত বিভিন্ন বিশ্ববিদ্যালয়, চহৰক কেন্দ্ৰ কৰি গঢ় লৈ উঠা জ্ঞান চৰ্চাৰ আন এটা পৰিমণ্ডলৰ কথাও মানুহৰ অন্তহীন কৌতুহল আৰু বৌদ্ধিক যাত্ৰাত চিৰদিনলৈ ৰৈ যাব। ঊনবিংশ শতিকাৰ জাৰ্মানীৰ গটিনজেনৰ জ্ঞান গৰিমা ইমানেই উজ্বল আছিল যে আলেকজেণ্ডাৰৰ পৰৱৰ্তী কালৰ আটাইতকৈ বিখ্যাত সমৰ নায়ক, গণিত পিপাসু সম্ৰাট নেপোলিয়নে (১৭৬৯-১৮২১) কৈছিল : ” Göttingen belongs neither to a State, nor to Germany, and is the University of Europe. ” ইউৰোপত আবেলাৰ্ড(১০৭৯-১১৪২)ক কেন্দ্ৰ কৰি যি বিশ্ববিদ্যালয়ৰ ধাৰণা গঢ়ি উঠিছিল, তাৰ অতি বিখ্যাত উদাহৰণ কেইটাৰ ভিতৰত গটিনজেন বিশ্ববিদ্যালয় অন্যতম। উল্লেখ্য যে মধ্যযুগৰ পণ্ডিত আবেলাৰ্ডৰ জ্ঞান চৰ্চা আৰু হাজাৰ হাজাৰ শ্ৰোতাক আকৰ্ষণ কৰা বক্তৃতাবোৰৰ জৰিয়তে ইউৰোপত বিশ্ববিদ্যালয়ৰ ধাৰণা গঢ়ি উঠিছিল বুলি বহুতে ক’ব খোজে। ভাবি ভাল লাগে যে অসমীয়া ভাষাত পণ্ডিত ড° বাণীকান্ত কাকতিয়ে মধ্যযুগৰ সেই পণ্ডিতজনাৰ আৰু তেওঁৰ প্ৰেমৰ বিষয়ে এখন আৱেগসিক্ত আৰু অৰ্থবহ ৰচনা লিখি থৈ গৈছে। ( দ্ৰষ্টব্য : তেওঁৰ “সাহিত্য আৰু প্ৰেম গ্ৰন্থ” ) জাৰ্মানীৰ জ্ঞান সাধনাৰ বিষয়ে তাত বহুদিন কটোৱা পণ্ডিত প্রবৰ কৃষ্ণকান্ত সন্দিকৈয়ে কৈছিল : ” জাৰ্মান অধ্যয়ন আৰু আলোচনা প্ৰণালী আয়ত্ব কৰা সাধাৰণ কথা নহয়, কাৰণ সি হৈছে এটা ব্ৰত, এটা বিশেষ মানসিক প্ৰবৃত্তিৰ ওপৰত প্ৰতিষ্ঠিত। তাৰ কাৰণে অবিশ্ৰান্ত পৰিশ্ৰম , তীক্ষ্ণ দৃষ্টি আৰু সুদীৰ্ঘ চৰ্চাৰ আৱশ্যক। ” এই বিষয়ে কৃষ্ণকান্ত সন্দিকৈৰ মন্তব্যৰ সমৰ্থন আমি অতি শক্তিশালী ৰূপত পাও ওপৰত উল্লেখ কৰা ভাৰতীয় দাৰ্শনিক জিতেন্দ্ৰনাথ মহান্তিৰ আত্মজীৱনী Between Two Worlds : East and West ( ২০০২) নামৰ গ্ৰন্থত। আধুনিক ভাৰতৰ জ্ঞান চৰ্চাৰ এসময়ৰ কেন্দ্ৰ কলিকতা চহৰত কেইবাজনো পণ্ডিতৰ ওচৰত সংস্কৃত ভাষা শিকি গটিনজেন বিশ্ববিদ্যালয়ত কিদৰে সংস্কৃত চৰ্চা কৰা হয়, তাৰ এক তুলনামূলক অধ্যয়ন দাৰ্শনিক মহান্তিয়ে তেওঁৰ এই আত্মজীৱনীত ডাঙি ধৰিছে। বিখ্যাত জাৰ্মান সংস্কৃতজ্ঞ Ernst Waldshmist য়ে মহান্তিক ছাত্ৰ হিচাপে কৰিবলৈ দিয়া কাম আছিল এনেধৰণৰ : He put a needle through a palm leave manuscript, opened the manuscript where the needle stopped, asked me to explain that page — first to translate it, then to point out grammatical problem and then raise questions and so forth. সংস্কৃত পণ্ডিতজনাই লগতে কৈছিল যে My goal is to train you in such a way that given a fragment of a manuscript, you can make of it, date it, build a reasonable hypothesis about its type, internal and external, cross references , produce a translation , and raise a host of questions. কৃষ্ণকান্ত সন্দিকৈৰ অতি পদ্ধতিগত জ্ঞান চৰ্চা আৰু গভীৰ পাণ্ডিত্যৰ আঁৰত জাৰ্মানীৰ জ্ঞান সাধনাৰ এনে দৃষ্টিভংগী আৰু অনুশীলন লুকাই আছিল বুলি আমি ক’ব পাৰো। অৱশ্যে গটিনজেন বিশ্ববিদ্যালয় আৰু চহৰখনৰ সৈতে জ্ঞান চৰ্চাৰ সৈতে জড়িত হৈ থকা দিশটোৱেই হল গণিত চৰ্চা। আধুনিক গণিতৰ অতি প্ৰসিদ্ধ নাম বোৰেৰে গটিনজেন সমৃদ্ধ। গণিতৰ ৰাজকোঁৱৰ ফ্ৰেডেৰিখ গাউছ , গণিতজ্ঞ ৰিমান, ডেভিদ হিলবাৰ্ট, ফেলিক্স ক্লেইন, এমি ন’টাৰ, হাৰ্মান মিনক’ৱস্কিৰে সমৃদ্ধ গটিনজেনৰ গাণিতিক ঐতিহ্য এতিয়া নিজেই এটা অধ্যয়ন আৰু গৱেষণাৰ বিষয়। এলবাৰ্ট আইনষ্টাইনৰ আপেক্ষিকতাবাদ তত্ত্বক সুদৃঢ় জ্যামিতিক আয়তন দিয়া মানুহজনেই হল মিনক’ৱস্কি। বিশেষ আপেক্ষিকতাবাদ তত্ত্ব প্ৰকাশ হোৱা পাছত তাৰ জ্যামিতিক ভিত্তি কি হ,’ব, বিশেষকৈ স্থান আৰু কালৰ সম্পৰ্কক কেনেদৰে জ্যামিতিক ধাৰণাৰে বুজিব কৰা যাব, সেয়া এক ডাঙৰ প্ৰত্যাহ্বান আছিল। এই ক্ষেত্ৰত মিনক’ৱস্কিৰ আলোচনাই বাট দেখুৱাইছিল। তেওঁ অতি মুকলিকৈ গটিনজেন বিশ্ববিদ্যালয়ৰ গণিতজ্ঞ আৰু ছাত্ৰ সকলৰ আগত বাৰে বাৰে কৈছিল : Einstein’s presentation of his deep theory is mathematically awkward. I can say that because he got his mathematical education in Zurich from me . ১৯০৮ চনৰ ২১ ছেপ্টেম্বৰত মিনক’ৱস্কিয়ে তেওঁৰ স্থান আৰু কাল বক্তৃতাত কৈছিল, স্থান আৰু কাল সম্পৰ্কে তেওঁ যিখিনি কথা ক’বলৈ যাব, সেয়া পৰীক্ষাত্মক পদাৰ্থ বিজ্ঞানৰ মাটি টুকুৰাৰ ওপৰত প্ৰতিষ্ঠিত, আৰু ইয়াতেই তাৰ শক্তি নিহিত হৈ আছে। এয়া বৈপ্লৱিক। এতিয়াৰে পৰা স্থান আৰু কাল অকলশৰীয়া হৈ নেথাকে আৰু সেয়া অন্ধকাৰৰ মাজলৈ পৰ্যবেষিত হ’ব। দুয়োটা লগ হৈ হে এক স্বতন্ত্ৰ বাস্তৱক ডাঙি ধৰিব। ” মিনক’ৱস্কিৰ এই সময়ৰ কামখিনিয়ে ত্ৰিবিমীয় জ্যামিতিক চতুৰ্বিমীয় জ্যামিতিৰ অংশ কৰি পেলালে। আমি সকলোৱে শিকা ইউক্লিডৰ জ্যামিতি অতি সাধাৰণ আৰু সৰল হৈ পৰিল। আনহাতে নিজে গণিতজ্ঞ হোৱা বাবে আৰু পদাৰ্থ বিজ্ঞানৰ বিভিন্ন পৰীক্ষাৰ সৈতে পৰিচিত মিনক’ৱস্কিৱে এই কথা জানিছিল যে আলোকতত্ত্বৰ বিশেষ জ্ঞান নেথাকিলে আইনষ্টাইনৰ চিন্তাধাৰাক আৰু সুদৃঢ় কৰিব পৰা নেযাব। সেইকাৰণে তেওঁ পৰৱৰ্তী সময়ত পদাৰ্থ বিজ্ঞানত নোবেল বঁটা বিজয়ী তৰুণ প্ৰতিভা মেক্স বোৰ্ণক গটিনজেনলৈ আমন্ত্ৰণ জনাইছিল।
হিলবাৰ্টে ঠিক কৰি দিয়া সমস্যাবোৰৰ আজিলৈকে গণিতচৰ্চাত গভীৰ প্ৰভাৱ আছে। হিলবাৰ্টৰ সৈতে মিনক’ৱস্কিয়ে সংখ্যা তত্ত্বৰ বিষয়েও গভীৰ আলোচনা কৰিছিল। সেই সময়ত ( ১৯০৯ চন) হিলবাৰ্টে সংখ্যা তত্ত্বৰ এটা জটিল সমস্যা Warings’ Theorem প্ৰমাণ কৰিছিল। তাৰ আগে আগে হিলবাৰ্ট অতি উৎকণ্ঠি হৈ আছিল আৰু মাজে মাজে হতাশাৰ স্বিকাৰ হৈছিল। এই ক্ষেত্ৰত তেওঁক সকাহ দিছিল মিনক’ৱস্কিৰ সান্নিধ্যই । গণিতৰ ইতিহাসৰ সৈতে পৰিচিত যিকোনো ব্যক্তিয়ে জানে য’ ত গণিতজ্ঞ সকলৰ জীৱনত প্ৰায়ে এনেকুৱা সময় আহে, যত তেওঁলোকে নিজৰ বৌদ্ধিক শক্তি কিছু সময়ৰ বাবে হেৰুৱাই পেলায়। ই তেওঁলোকক প্ৰায়ে হতচকিত কৰি তোলে আৰু নিৰাশাৰ মাজলৈ লৈ যায়। গটিনজেনত প্ৰায়ে এনেকুৱা পৰিবেশ আছিল। কাৰণ, যি তীব্ৰতা আৰু গভীৰতাৰে ইয়াত জ্ঞান চৰ্চা চলিছিল, তাত সদায়ে হয়তো এজন ব্যক্তি সমপৰিমাণে জড়িত হৈ থকা সহজ নহয়। সি যি কি নহওঁক, তাত হিলবাৰ্টে পুনৰ তেওঁৰ বৌদ্ধিক শক্তি ঘূৰাই পাইছিল। কিন্তু সেই সময়তে হঠাতে মাত্ৰ ৪৪ বছৰ বয়সত এপেন্দিচাইটিছৰ জটিলতাত মিনক’ৱস্কিৰ মৃত্যু হ’ল । চিকিৎসালয়ৰ পৰা জৰুৰীভাৱে ডেভিড হিলবাৰ্টক মাতি পঠিওৱা হ’ল। লৰালৰিকৈ হিলবাৰ্ট বন্ধু মিনক’ৱস্কিৰ কাষ পালেগৈ।৪৪ বছৰীয়া ইতিমধ্যে মিনক’ৱস্কিৰ মৃত্যু হৈছে (১২ জানুৱাৰী , ১৯০৯)। তেওঁৰ বিছনাৰ ওচৰত চিকিৎসক দুজন ৰৈ আছে। দুয়োৰে চকুত চকু পানী। মিনক’ৱস্কিৰ বিছনাত পৰি ৰৈছে হিলবাৰ্টৰ সৈতে আলোচনা কৰিবলগীয়া নানান জটিল সূত্ৰ আৰু গণনা। হিলবাৰ্ট স্তব্ধ হ’ল। পৰৱৰ্তী সময়ত Warings’ Theorem ৰ প্ৰমাণ সম্পৰ্কত হিলবাৰ্টে লিখা আৰু সংখ্যা তত্ত্বৰ প্ৰভাৱশীল ৰচনাখনৰ প্ৰথম কথাটোৱে আছিল : To the memory of H. M : হাৰমান মিনক’ৱস্কিৰ স্মৃতিত।

গটিনজেনক কেন্দ্ৰ কৰি নৈতিকতাৰ বহু প্ৰশ্নও কিন্তু পৰৱৰ্তী সময়ত উত্থাপিত হৈছে। বিশেষকৈ হিটলাৰৰ সময়ৰ ইহুদী ছাত্ৰ, শিক্ষকসকলৰ বিষয়ে জ্ঞান চৰ্চাৰ কেন্দ্ৰটোৱে গ্ৰহণ কৰা স্থিতি। দাৰ্শনিক মহান্তিয়ে এই ক্ষেত্ৰত প্ৰখ্যাত জাৰ্মান ইতিহাসবিদ হাৰমান হেইম্পেলৰ কথা কৈছে। জীৱনৰ শেষ বয়সত ইহুদী অত্যাচাৰৰ সময়ত বিশেষ মাত নমতা হেইম্পালে বাৰে বাৰে যিকোনো অভ্যাগতক উন্মাদৰ দৰে অহৰহ সুধি থাকিছিল, মই এতিয়া কি কৰা উচিত। মহান্তিয়ে এই ক্ষেত্ৰত প্ৰসিদ্ধ জাৰ্মান দাৰ্শনিক হেইডেগাৰৰ উদাহৰণ দি কৈছে যে হেইডেগাৰে এবাৰো তেওঁৰ ভুল ৰাজহুৱাকৈ স্বীকাৰ কৰা নাছিল। l

তক্ষশীলা, নালন্দাৰ পৰা গটিনজেনলৈ জ্ঞান চৰ্চাৰ এই যাত্ৰাৰ উমৈহতীয়া সূত্ৰ বিচৰা সহজ নহয়। ওৰে জীৱন জাৰ্মানীৰ এখন সৰু চহৰ ক’নিগছবাৰ্গত দিন কটোৱা দাৰ্শনিক ইমানুৱেল কান্টে কৈছিল যে জ্ঞানৰ ক্ষেত্ৰত কল্পনাই আমাৰ উপলব্ধিক গতি দিয়ে। কলাৰ জগতখনত আকৌ আমাৰ বোধশক্তিয়েহে কল্পনাক বিস্তৃতি প্ৰদান কৰে। তক্ষশীলা , নালন্দা আৰু গটিনজেনৰ উমৈহতীয়া বৈশিষ্ট এয়াই। ইয়াত জ্ঞান, বোধ শক্তি আৰু কল্পনাই বিভিন্ন ধৰণেৰে আমাৰ মনটোক সজীৱ আৰু গতিশীল কৰি ৰাখে। সেইবাবে , এলবাৰ্ট আইনষ্টাইনৰ দৃষ্টিত জাৰ্মানীত পৰমাণু বোমা নিৰ্মাণ কৰিব পৰা বিজ্ঞানী কাৰ্ল ফ্ৰেডৰিখ ভন ৱেইজেকাৰে কোৱান্টাম তত্ত্বৰ জটিল গণিত, প্ৰায়োগিক বিজ্ঞানৰ দক্ষতা অৰ্জনৰ মাজত গভীৰ মনোযোগিতাৰে অধ্যয়ন কৰে প্লেটো আৰু প্ৰাচীন গ্ৰীক দৰ্শন। নালন্দাত সেইদৰে চৰ্চা হয় ফৰাচী চিন্তাবিদ মিৰ্চা এলিয়াৰ্ডৰ ভাষাত , পীড়া – অস্তিত্বৰ সমীকৰণ । এই প্ৰেক্ষাপটতে সাধু দণ্ডামিছৰ হাজাৰ বছৰ পুৰণা উক্তি (“যোৱা আৰু আলেকজেণ্ডাৰক কৈ দিবাগৈ”) ৰ মূল অৰ্থ নিহিত হৈ আছে।