আলফা (স্বা)সেনাধ্যক্ষ পৰেশ বৰুৱাৰ মৃত্যুদণ্ডৰ শাস্তি আজীৱন কাৰাদণ্ডলৈ হ্ৰাস
ৰঙিলী বাৰ্ত্তাসেৱা- বাংলাদেশৰ উচ্চ ন্যায়ালয়ে চট্টগ্ৰাম অস্ত্ৰ সৰবৰাহৰ গোচৰ সন্দৰ্ভত ৰায়দান কৰি আলফা (স্বা)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ শাস্তি মৃত্যুদণ্ডৰ পৰা যাৱজ্জীৱন কাৰাদণ্ডলৈ হ্ৰাস কৰে।অকল সেয়াই নহয়, এই গোচৰত দেশখনৰ প্ৰাক্তন গৃহ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী লুৎফুজ্জামান বাবৰসহ ৬জন আচামীক নির্দোষী ঘোষণা কৰি মুক্তি দিছে আদালতে। ন্যায়াধীশ মুস্তাফা জামান ইছলাম আৰু ন্যায়াধীশ নাছৰিন আখতাৰে গঠিত উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে বুধবাৰে এই ৰায়দান প্ৰদান কৰে। স্মর্তব্য যে ২০০৪ চনৰ ১ এপ্ৰিলত চট্টগ্ৰামৰ চিইউএফএল ঘাটৰ পৰা আটক কৰা হয় অস্ত্ৰ সৰবৰাহকাৰী ১০খন ট্রাক। এই ঘটনাক লৈ কর্ণফুলি থানাত অস্ত্র আইন আৰু বিশেষ ক্ষমতা আইনত চোৰাং অস্ত্ৰ সৰবৰাহৰ অভিযোগত দুটা গোচৰ ৰুজু কৰা হয়। সেই বছৰ অসমৰ বিদ্ৰোহী নেতা আলফা (স্বা)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই বাংলাদেশত আশ্রয় লৈছিল। অভিযোগ অনুসৰি আলফাৰ কূটাঘাতমূলক কার্যকলাপৰ বাবেই এই বিপুল পৰিমাণৰ অস্ত্ৰ সৰবৰাহ কৰা হৈছিল। এই গোচৰত ২০১৪ চনৰ ৩০ জানুৱাৰীত চট্টগ্রাম মহানগৰ আদালত আৰু বিশেষ ন্যায়াধিকৰণ-একৰ ৰায় ঘোষণা কৰা হয়। দেশখনৰ প্ৰাক্তন উদ্যোগমন্ত্রী জামাতৰ আমীৰ মতিউৰ ৰহমান নিজামী, তেতিয়াৰ গৃহ ৰাজ্যিক মন্ত্রী লুৎফুজ্জামান বাবৰ, আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱা আৰু চোৰাংচোৱা সংস্থাৰ দুই শীর্ষ বিষয়াসহ ১৪জনৰ বিৰুদ্ধে ফাঁচিৰ ৰায়দান কৰিছিল আদালতখনে। অস্ত্র আইনত তৰা অন্য গোচৰত এই আটাইকেইগৰাকী অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডও দিয়া হয়। আদালতৰ এই ৰায়ৰ পিছত ২০১৪ চনৰ ৬ ফেব্ৰুৱাৰীত গোচৰৰ সমস্ত নথি-পত্র হাইক’ৰ্টৰ ডেথ ৰেফাৰেঞ্চ শাখালৈ প্ৰেৰণ কৰা হয়। ডেথ ৰেফাৰেঞ্চ (মৃত্যুদণ্ড অনুমোদন) গোচৰ হিচাপে ইয়াক নথিভুক্ত কৰা হয়। আনহাতে ২০১৪ চনত শাস্ত্ৰী ৰায়ৰ বিৰুদ্ধে হাইক’ৰ্টত আবেদন জনায় কাৰাগাৰত থকা আচামীসকলে। যোৱা ৬ নৱেম্বৰত ১০ ট্রাক অস্ত্ৰ সৰবৰাহৰ গোচৰত আচামীসকলৰ ডেথ ৰেফাৰেঞ্চ আৰু আবেদনৰ ওপৰত শুনানি আৰম্ভ হয়। সেইদিনা প্রাক্তন গৃহ ৰাজ্যিক মন্ত্ৰী লুৎফুজ্জামান বাবৰসহ অন্য আচামীসকলৰ হৈ আদালতত যুক্তি দর্শায় অধিবক্তা এছ এম শ্বাহজাহানে। বুধবাৰে সেই গোচৰৰ শুনানি শেষ হয়। ইয়াৰ পিছতে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মোস্তাফা জামান ইছলাম আৰু ন্যায়াধীশ নাছৰিন আখতাৰৰ বিচাৰপীঠে ৰায় ঘোষণা কৰে। লুৎফুজ্জামান বাবৰসহ ৬জনক মুক্তি দিয়া হয় যদিও পৰেশ বৰুৱাৰ শাস্তি মৃত্যুদণ্ডৰ পৰা যাৱজ্জীৱন কাৰাদণ্ডলৈ সলনি কৰা হয়। ইয়াৰ উপৰি মৃত্যুদণ্ড লাভ কৰা অন্য ৬গৰাকী আচামীৰ শাস্তি হ্ৰাস কৰি ১০ বছৰ কাৰাদণ্ডলৈ সলনি কৰিছে আদালতখনে। স্মর্তব্য যে ২০০৪ চনত ১০খন অস্ত্রভর্তি ট্রাক আটক কৰা হৈছিল। এই ট্রাকসমূহৰ পৰা বাজেয়াপ্ত কৰা হৈছিল ৪,৯৩০টা আগ্নেয়াস্ত্র, ২৭,০২০টা গ্রেনেড, ৮৪০টা ৰকেট লাঞ্চাৰ, ৩০০টা ৰকেট, প্রায় ১০ লাখ বুলেটসহ অন্যান্য বহু অস্ত্র। এই অস্ত্র চীনৰ পৰা জাহাজেৰে সৰবৰাহ কৰা হৈছিল বুলি ধাৰণা কৰিছিল আৰক্ষীয়ে।