আয়াৰলেণ্ডৰ বিৰুদ্ধে শৃংখলা দখল ভাৰতৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজকোটত অভিলেখ সৃষ্টি ভাৰতীয় মহিলা ক্রিকেট দলৰ। এদিনীয়া ক্রিকেটত এটা ইনিংছত সর্বাধিক ৪৩৫ ৰান সংগ্ৰহ কৰি ভাৰতীয় পুৰুষ দলৰ ৪১৮ ৰানৰ অভিলেখ ভংগ কৰে মহিলা দলটোৱে। ভ্রমণকাৰী দল আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলা তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটোৰ তৃতীয় তথা অন্তিমখন এদিনীয়াত প্রতিকা ৰাৱাল আৰু স্মৃতি মান্ধানাৰ দৰ্শনীয় শতকৰ সহায়ত ভাৰতীয় মহিলা দলটোৱে ৫টা উইকেট হেৰুৱাই ৪৩৫ ৰান কৰি এদিনীয়া ক্রিকেটত সৰ্বাধিক ৰান কৰাৰ অভিলেখ সৃষ্টি কৰে। মাত্ৰ তিনিদিন পূর্বে ভাৰতীয় মহিলা দলে আয়াৰলেণ্ডৰ বিৰুদ্ধে সংগ্ৰহ কৰিছিল ৫ উইকেটৰ বিনিময়ত ৩৭০ ৰান। এয়া আছিল আন্তঃৰাষ্ট্ৰীয় মেচত ভাৰতীয় মহিলা দলৰ সৰ্বাধিক ৰান। কিন্তু ভাৰতীয় দলটোৱে দর্শনীয় বেটিঙেৰে নিজৰেই অভিলেখ ভংগ কৰি এক নতুন অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হয়। অধিনায়ক স্মৃতি মান্ধানাই মেচখনত ব্যক্তিগত কৃতিত্বও অর্জন কৰে। হৰমনপ্রীত কৌৰৰ অভিলেখ ভংগ কৰি দ্রুততম শতক অৰ্জনকাৰী ভাৰতীয় মহিলা খেলুৱৈ হোৱাৰ গৌৰৱ অৰ্জন কৰিলে স্মৃতিয়ে। যোৱা বছৰ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৮৭টা বলত শতক অৰ্জন কৰিছিল হৰমনপ্রীত কৌৰে। কিন্তু কৌৰক অতিক্ৰম কৰি ৭০টা বলত শতক অৰ্জন কৰি স্মৃতিয়ে অভিলেখ ৰচে। মান্ধানাই ১৩৫ ৰানৰ দুর্দান্ত ইনিংছ দলক উপহাৰ দিয়ে। ইফালে, অন্তিম খেলখনত মান্ধানাৰ লগতে আনগৰাকী অ’পেনাৰ প্ৰতিকায়ো সুন্দৰ প্ৰদৰ্শনেৰে ১৫৪ ৰান সংগ্ৰহ কৰে। দুয়োৰে মাজত প্ৰথম উইকেটত ২৩৩ ৰান সংগ্ৰহ হয়। এয়া হৈছে প্ৰথম উইকেটৰ যুটিত ভাৰতীয় মহিলাৰ সৰ্বাধিক ৰান। আনহাতে, ৰিচা ঘোষে ৫৯ ৰানৰ অৰিহণা আগবঢ়ায়। ইপিনে, শতক অৰ্জন কৰাৰ লগে লগে কেইবাটাও অভিলেখৰ গৰাকী হ’ল মান্ধানা। ৭০টা বলত শতক অৰ্জন কৰি এদিনীয়া ক্রিকেটত দ্রুততম শতক অৰ্জনকাৰী ভাৰতীয় মহিলা খেলুৱৈত পৰিণত হোৱাৰ লগতে এদিনীয়া ক্রিকেটত ৫০০টা চাৰি কোবোৱা খেলুৱৈৰ তালিকাতো অন্তর্ভুক্ত হয় মান্ধানা। এই তালিকাত শীৰ্ষত আছে ভাৰতীয় মহিলা ক্রিকেট দলৰ প্ৰাক্তন অধিনায়ক মিতালী ৰাজ। তদুপৰি, আন্তঃৰাষ্ট্ৰীয় ক্রিকেটত ১০টা শতক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হৈ পৰে মান্ধানা। আনহাতে, এদিনীয়াত সর্বাধিক ছিক্সাৰ কোবোৱা ভাৰতীয় খেলুৱৈৰ তালিকাত হৰমনপ্রীত কৌৰৰ সৈতে শীৰ্ষত অৱস্থান কৰিছে স্মৃতিয়ে। দুয়ো এতিয়ালৈকে আন্তঃৰাষ্ট্ৰীয় এদিনীয়াত ৫২টাকৈ ছিক্স কোবাইছে। ৪৩৬ ৰানৰ জয়ৰ লক্ষ্যৰে বেটিং কৰিবলৈ আহি বেটিং বিপর্যয়ৰ সন্মুখীন হৈ আয়াৰলেণ্ডে ৩১.৪ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই মাত্র ১৩১ ৰানহে কৰিবলৈ সক্ষম হয়। অ’পেনাৰ ছাৰাহ ফ’ৰবেছে সর্বাধিক ৪১ ৰান কৰে। ভাৰতীয় দলটোৰ হৈ দীপ্তি শর্মাই সর্বাধিক ৩টা উইকেট লাভ কৰাৰ লগতে তনুজা কানৱাৰে ২টা, টিটাছ সাধু, ছায়ালী সংঘৰে আৰু মিন্নু মণিয়ে ১টাকৈ উইকেট লাভ কৰে। উল্লেখ্য যে তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটো ৩-০ ব্যৱধানত দখল কৰে ঘৰুৱা দল ভাৰতে। মেচখনৰ লগতে শৃংখলাটোৰ শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হয় প্রতিকা ৰাৱাল।