আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰে দ্বিপাক্ষিক বৈঠকত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰে দ্বিপাক্ষিক বৈঠকত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী

ৰঙিলী বাৰ্ত্তাসেৱা- আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্রহণ কৰাৰ পাছত ড’নাল্ড ট্রাম্পৰ সৈতে প্রথমগৰাকী বিদেশী নেতা হিচাপে দ্বিপাক্ষিক বৈঠকত মিলিত হয় ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী। ফ্রান্স ভ্রমণ সামৰি ৩৬ ঘণ্টীয়া আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণসূচী লৈ ৱাশ্বিংটন ডিচিত উপস্থিত হোৱা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। বহুচর্চিত এই দ্বিপাক্ষিক বৈঠকত ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্প আৰু প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ মাজত দুয়োখন দেশৰ লগতে মধ্যপ্রাচ্যৰ পৰা এছিয়াৰ বিভিন্ন বিষয়ো আলোচনা হয়। প্রায় ৪ ঘণ্টীয়া বৈঠকত দুয়োগৰাকী নেতাৰ মাজত প্ৰতিৰক্ষা শিতানৰ পৰা বাণিজ্য, সন্ত্রাসবাদী তাহাউৰ হুছেইন ৰানাৰ প্ৰত্যর্পণ, অসামৰিক পাৰমাণৱিক চুক্তি, মধ্যপ্রাচ্যৰ পৰা বাংলাদেশৰ পৰিস্থিতিৰ বিষয়েও আলোচনা হয়। বৈঠকত প্ৰতিৰক্ষা শিতানত দুয়ো দেশৰ সহযোগিতাক লৈ সহমতত উপনীত হোৱাৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ভাৰতে এফ-৩৫ যুদ্ধ বিমান ক্রয় কৰাৰ চুক্তি সম্পন্ন হয়। দুয়ো দেশৰ সামৰিক সহযোগিতা, সমন্বয়ৰ সহমতত উপনীত হয়। প্ৰতিৰক্ষা সামগ্ৰী ভাৰতলৈ বিক্ৰী কৰাৰ ক্ষেত্ৰত সহমতত উপনীত হোৱাৰ লগতে জেভলিন আৰু ষ্ট্ৰাইকাৰ যুদ্ধ পদ্ধতি ক্রয় কৰাৰ চুক্তি সম্পন্ন হয়। প্ৰতিৰক্ষা খণ্ডত আৰডিপি চুক্তি ২০২৫ বৰ্ষতে সম্পন্ন কৰা হ’ব। আনপিনে, ভাৰতৰ শক্তিখণ্ড উন্নীত কৰাৰ ক্ষেত্ৰত আমেৰিকাৰ বিনিয়োগৰ ওপৰতো সহমতত উপনীত হয়। ভাৰত আৰু আমেৰিকাৰ ৫০০ বিলিয়ন মার্কিন ডলাৰৰ লক্ষ্যৰে বাণিজ্যিক চুক্তি সম্পন্ন কৰা হয়। ইপিনে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা অবৈধ প্ৰব্ৰজনকাৰী ভাৰতীয়ক বিতাড়নৰ বিষয়টোও এই আলোচনাত স্থান লাভ কৰে। অবৈধ প্ৰব্ৰজনকাৰী ভাৰতীয়ক বিতাড়নৰ ক্ষেত্ৰত ভাৰতে পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে নিশ্চিতি দিয়ে। ট্রাম্প আৰু মোদীৰ বৈঠকৰ অন্তত যুটীয়া সংবাদ মেলত দুয়ো দেশৰ মাজত হোৱা চুক্তি আৰু আলোচনাৰ বিতং তথ্য বিবৃতিযোগেও প্রকাশ কৰা হৈছে। দুয়োগৰাকী নেতাৰ আলোচনাত ২৬/১১ মুম্বাই আক্ৰমণৰ অন্যতম অভিযুক্ত তাহাউৰ হুছেইন ৰানাক প্ৰত্যপৰ্ণৰ বিষয়টো উত্থাপন হয়। এই বৈঠকতে সন্ত্রাসবাদী ৰানাক ভাৰতলৈ প্রত্যর্পণত সন্মতি প্রদান কৰে ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে। আমেৰিকাত বন্দী হৈ থকা সন্ত্রাসবাদী ৰানাৰ ভাৰতলৈ প্রত্যর্পণত ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে দিয়া সন্মতিত দুয়ো দেশৰ কূটনৈতিক যুঁজত ভাৰতৰ জয় বুলি চৰ্চিত হৈছে। ইপিনে দুয়ো দেশৰ প্ৰতিৰক্ষা শক্তিকে ধৰি আমেৰিকাৰ পাৰমাণৱিক প্ৰযুক্তিত ভাৰতৰ সহায়ৰ সহমতৰ লগতে দুয়ো দেশে অসামৰিক পৰমাণু চুক্তিত স্বাক্ষৰ কৰে। ইয়াৰ পৰিপ্ৰেক্ষিততেই মার্কিন-ভাৰতৰ ১২৩ অসামৰিক পাৰমাণৱিক চুক্তিৰ দিশত দুই দেশ আগবাঢ়ি যায়। আনহাতে, সংবাদ মেলত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্রাম্পৰ ‘মাগা’ (মেক আমেৰিকা গ্রেট এগেইন)ৰ শ্লোগানক বিকশিত ভাৰতৰ লক্ষ্য উত্থাপন কৰি ‘মিগা’ (মেক ইণ্ডিয়া গ্রেট এগেইন) বুলি কয়। এই দুয়োটাক সন্নিৱিষ্ট কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুয়ো দেশৰ সম্পৰ্কক মেগা পাৰ্টাৰশ্বিপ বুলি আখ্যা দিয়ে। বৈঠকত ট্রাম্পে ইজৰাইল-গাজা আৰু ইউক্রেইন-ৰাছিয়াৰ যুদ্ধৰ যৱনিকাৰ প্ৰসংগ উল্লেখ কৰি ভাৰত আৰু চীনৰ সম্পৰ্কত হস্তক্ষেপ কৰাৰ প্ৰস্তাৱ আগবঢ়ায়। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ভাৰত আৰু চীনৰ সংঘাত আঁতৰোৱাৰ বাবে ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে আগবঢ়োৱা প্রস্তাৱ নাকচ কৰে।