আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত ল’লে ড’নাল্ড ট্রাম্পে
ৰঙিলী বাৰ্ত্তাসেৱা- আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত ল’লে ড’নাল্ড ট্রাম্পে। কেপিটেল ৰটুণ্ডাৰ কক্ষৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে মার্কিন ৰাষ্ট্ৰপতি হিচাপে শপত গ্রহণ ড’নাল্ড ট্রাম্পৰ। ৪০ বছৰীয়া ইতিহাস ভংগ কৰি ৰাষ্ট্ৰপতি হিচাপে ড’নাল্ড ট্রাম্পে কেপিটেলৰ কক্ষৰ ভিতৰত শপত গ্ৰহণ কৰে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰবাৰ্টছে ড’নাল্ড ট্রাম্পক শপত বাক্য পাঠ কৰোৱায়। বিদায়ী ৰাষ্ট্ৰপতি জ’ বাইডেন আৰু ফাৰ্ষ্ট লেডী জিলি বাইডেনৰ লগতে প্রাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামা, বিশ্বৰ বিভিন্ন দেশৰ নেতাৰ উপস্থিতিত ড’নাল্ড ট্রাম্পে ৰাষ্ট্ৰপতি পদৰ শপত লোৱাৰ পূৰ্বে উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্রহণ কৰে জে ডি ভান্সে। উল্লেখ্য যে জে ডি ভান্স হৈছে ভাৰতীয় বংশোদ্ভৱ ঊষা ভান্সেৰ স্বামী। ৰাষ্ট্ৰপতি পদৰ ডেম’ক্রেট প্রার্থী তথা উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছক পৰাস্ত কৰি ইতিহাস সৃষ্টিৰে দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি নির্বাচিত হোৱা ৰিপাব্লিকান প্রার্থী তথা প্রাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ দ্বিতীয়টো কাৰ্যকালৰ শপতগ্রহণ অনুষ্ঠানত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইতিহাসত সৰ্বাধিক নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হয়। ২৫ হাজাৰ বিষয়াৰ দ্বাৰা ৪৮ কিলোমিটাৰ ফেন্সিং স্থাপন কৰি কেপিটেল ৰটুণ্ডাৰ কক্ষৰ ভিতৰত শপতগ্রহণ কাৰ্যসূচী সম্পন্ন কৰা হয়। এই শপতগ্রহণ অনুষ্ঠানত ভাৰতক প্রতিনিধিত্ব কৰে কেন্দ্ৰীয় বৈদেশিক মন্ত্রী এছ জয়শংকৰে। বৈদেশিক মন্ত্ৰীগৰাকীয়ে শপতগ্ৰহণ কৰাৰ পাছত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ পত্র অর্পণ কৰে ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পক। বিশ্বৰ ধনাঢ্য ব্যক্তি ভাৰতীয় উদ্যোগপতি মুকেশ আম্বানি, তেওঁৰ পত্নী নীতা আম্বানি, পংকজ বাঞ্চাল, কলপেছ মেহতা আৰু আতিশী জৈনকে ধৰি কেইবাগৰাকীও ভাৰতীয় ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বয়োজ্যেষ্ঠ ৰাষ্ট্ৰপতি হিচাপে বিবেচিত হোৱা ড’নাল্ড ট্রাম্পে প্ৰথমবাৰৰ বাবে দেশখনৰ ৰাষ্ট্ৰপতি হিচাপে ২০১৭ চনৰ পৰা ২০২১ চনলৈকে কার্যনির্বাহ কৰে। ৪৫ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তে দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি নিৰ্বাচনত অৱতীর্ণ হয় যদিও ডেম’ক্রেট প্রার্থী জ’ বাইডেনৰ হাতত পৰাজিত হয়। এবাৰ হাৰি দ্বিতীয়বাৰ মার্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হিচাপে ২০২৪ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত নির্বাচিত হয়। এবাৰ হাৰি পুনৰ নিৰ্বাচনত জয়ী হৈ দেশখনৰ ৰাষ্ট্ৰপতি হোৱা দ্বিতীয়গৰাকী নেতা হৈছে ড’নাল্ড ট্রাম্প। নিৰ্বাচনৰ প্ৰচাৰ অভিযানত দুবাৰকৈ আততায়ীৰ হত্যাৰ চেষ্টাৰ পৰা প্ৰাণৰক্ষা হোৱা ড’নাল্ড ট্রাম্প বিভিন্ন বিতৰ্কৰ মাজতো ৰাষ্ট্ৰপতি নির্বাচনত শেষ হাঁহি মাৰিবলৈ সক্ষম হৈছে। ১৯৪৬ চনৰ ১৪ জুনত নিউয়ৰ্কৰ কুইন্সত জন্মলাভ কৰা ড’নাল্ড ট্রাম্প আমেৰিকাৰ এগৰাকী প্রসিদ্ধ ব্যৱসায়ী, সংবাদ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী হৈ পৰৱৰ্তী সময়ত ৰাজনৈতিক ক্ষেত্ৰত পদার্পণ কৰি দুবাৰকৈ মার্কিন ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্রহণ কৰে। ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পাছতে ড’নাল্ড ট্রাম্পে দেশবাসীক সম্বোধন কৰি আমেৰিকাৰ অধোগামিতা সামৰণি পৰিল বুলি উল্লেখ কৰি আমেৰিকাই সোণালী যুগত প্ৰৱেশ কৰা বুলি কয়। প্ৰব্ৰজন, মুদ্রাস্ফীতি আৰু সীমান্তৰ সুৰক্ষাৰ প্ৰতিশ্ৰুতিৰে নির্বাচনত জয়ী হোৱা ড’নাল্ড ট্রাম্পে ৰাষ্ট্ৰপতি হৈয়েই প্রতিশ্রুতি দি প্রতিশ্রুতি ৰখাৰ অংগীকাৰবদ্ধ হয়। ইপিনে, ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে যোৱানিশাই বিদায়ী ৰাষ্ট্ৰপতি জ’ বাইডেন তথা বাইডেন চৰকাৰৰ প্ৰায় ১০০টা সিদ্ধান্ত বাতিল কৰিম বুলি ঘোষণা কৰিছে। কাৰ্যালয়ত দায়িত্ব গ্রহণ কৰিয়েই ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে এই পদক্ষেপ গ্রহণ কৰিব বুলি মন্তব্য কৰিছে। ৰাষ্ট্ৰপতিৰ ভাষণত ড’নাল্ড ট্রাম্পে পানামা কেনেল ওভতাই অনাৰ বিষয়েও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তদুপৰি দেশখনৰ দক্ষিণ প্ৰান্তৰ সীমান্তত ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ সিদ্ধান্তৰ বিষয়েও ভাষণত ব্যক্ত কৰে ট্রাম্পে। লক্ষণীয় যে ৰাষ্ট্ৰপতিৰ উদ্বোধনী ভাষণত ট্রাম্পে বিদায়ী ৰাষ্ট্ৰপতি বাইডেনৰ প্ৰশাসনিক বক্তব্যকো সমালোচনা কৰে। দুর্নীতি আৰু অদক্ষতাৰ বাবেই দেশৰ সীমান্ত বিপজ্জনক হৈ পৰা বুলি সমালোচনা কৰে ট্রাম্পে। কার্যতঃ বাইডেনৰ কাৰ্যকালৰ অনেক সিদ্ধান্ত বাতিল কৰা হ’ব বুলি ঘোষণা কৰে ট্রাম্পে। উল্লেখ্য যে ৰাষ্ট্ৰপতি হিচাপে ড’নাল্ড ট্রাম্পে শপত গ্ৰহণ কৰাৰ পূৰ্বে বিদায়ী ৰাষ্ট্ৰপতি বাইডেন আৰু ফাৰ্ষ্ট লেডী জিলি বাইডেনে পত্নীসহ ট্রাম্পক আদৰি আনে। মার্কিন ৰাষ্ট্ৰপতি হিচাপে শপতগ্রহণ কৰাৰ পাছতেই ড’নাল্ড ট্রাম্পক ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জ্ঞাপন কৰিছে ।ড’নাল্ড ট্রাম্পক অভিনন্দন জনাই প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ সৈতে ভাৰতে অধিক গভীৰ সম্পৰ্ক গঢ়ি তোলাৰ আশা ব্যক্ত কৰে।