আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰৰ আৰু নাই

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰৰ আৰু নাই

ৰঙিলী বাৰ্ত্তাসেৱা-  আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰৰ দেহাৱসান। জিমি কাৰ্টাৰ হৈছে ভাৰত ভ্ৰমণ কৰা তৃতীয়জন আমেৰিকান নেতা । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ১০০ বছৰ। তেওঁৰ পৰিয়ালৰ লোকে এই কথা জনায়। আমেৰিকাৰ ৩৯ সংখ্যক ৰাষ্ট্ৰপতি আছিল জিমি কাৰ্টাৰ।  মধ্যপ্ৰাচ্যৰ শান্তিৰ দূত হিচাপে পৰিচিত আছিল ৰাষ্ট্ৰপতিগৰাকী। বিশ্ব স্বাস্থ্য আৰু মানৱ অধিকাৰৰ বাবে অক্লান্তভাৱে কাম কৰি গৈছিল তেওঁ। কাৰ্টাৰ আমেৰিকাৰ ইতিহাসৰ আটাইতকৈ দীৰ্ঘজীৱী ৰাষ্ট্ৰপতি।১৯৮০ চনত ৰ’নাল্ড ৰেগানে তেওঁক পৰাস্ত কৰাৰ পূৰ্বে হোৱাইট হাউছত তেওঁৰ কাৰ্যকাল এটা কাৰ্যকালতে সীমাবদ্ধ আছিল। ৰাষ্ট্ৰপতি হিচাপে এখন দেশক প্ৰতিনিধিত্ব কৰাৰ পাছৰ জীৱন তেওঁ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু মানৱ অধিকাৰৰ হকে কাম কৰি গৈছিল। যাৰ বাবে তেওঁ ২০০২ চনত শান্তিৰ নোবেল বঁটা লাভ কৰিছিল। জিমি কাৰ্টাৰৰ মৃত্যুত আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে গভীৰ শোক প্ৰকাশ কৰিছে।। জিমি কার্টাৰৰ সৈতে উঠা এখন ফটো সামাজিক মাধ্যমত প’ষ্ট কৰি বাইডেনে লিখিছে, ‘৬ দশক ধৰি জিমি কাৰ্টাৰক বন্ধু বুলি সম্বোধন কৰাৰ সৌভাগ্য হৈছিল জিল আৰু মোৰ। আমেৰিকাকে ধৰি সমগ্ৰ বিশ্বৰ লাখ লাখ লোক আছে, যিয়ে কেতিয়াও তেওঁক হয়তো তেওঁক লগ পোৱা নাই। সেইসকল লোকেও আনকি জিমিক নিজৰ বন্ধু বুলি ভাবিছিল। এয়া আছিল জিমিৰ আটাইতকৈ ডাঙৰ কৃতিত্ব।’ৰাজনীতিৰ উৰ্ধত আছিল জিমি কাৰ্টাৰ। ৰাষ্ট্ৰপতি হিচাপে তেওঁৰ মাত্ৰ এটা কাৰ্যকাল থাকিলেও বিশ্ব ৰাজনীতিত তেওঁৰ প্ৰভাৱ আছিল লক্ষণীয়।  প্রাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামায়ো জিমি কার্টাৰৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।