আমি যে সামান্য ক্ষণৰ পথিক – বুলু শইকীয়া

Pc Unsplash
আমি যে সামান্য ক্ষণৰ পথিক
               বুলু শইকীয়া, যোৰহাট 
ভাৱিছানে কেতিয়াবা নিজান ক্ষণত ?
জ্যোতি-এন্ধাৰৰ এই মায়াৱী ধৰণীত
আমি যে সামান্য ক্ষণৰ পথিক
সিদিনা আহিলোঁ এমোকোৰা ক্ৰন্দন লৈ
আই-পিতাই স্বজনৰ মুখৰ হাঁহি বিৰিঙাই
আৰু যে যাম গৈ আনক কন্দুৱাই
কোন দিনা আহে কালৈ বাৰ্তা
কোনেনো জানে,  কিমান দিনৰ অতিথি তেওঁ ?
আছে জানো ইয়াৰ পৰিসীমা নিৰ্ধাৰণ ?
দুদিনীয়া সময়ৰ বাবে কিয়নো কৰোঁ ?
মিছা অহংকাৰ মাটিৰ দেহটোক লৈ
যাবতো লাগিব শুদা হাতেৰে
সকলো ধন-সোণ এৰি ইয়াতেই থৈ
এই পথেৰে কিমানজন আহিল, কিমানো গ’ল
আছে জানো সময়ৰ বহীৰ লেখা !
মাথোঁ ক্ষমতাৰ ৰাগীত মাতাল হৈ
পাহৰি যায় চিতা-কবৰৰ কথা
দুদিনীয়া জীৱনত ধৰ্ম জাতপাত পাহৰি
থাকোঁচোন সকলোৱে মিলিজুলি
ইয়ে হওক মানৱ জনমৰ সাৰ্থকতা
শান্তিৰ ধৰণীত সমন্বয়ৰ আলয়।