আমিনগাঁওত যুৱ বিনিময় কাৰ্য্যসূচী

আমিনগাঁওত যুৱ বিনিময় কাৰ্য্যসূচী

ৰঙিলী বাৰ্ত্তাসেৱা-  কামৰূপ জিলাৰ নেহৰু যুৱ কেন্দ্ৰ সংগঠনে আমিনগাঁও যুৱ বিকাশ কেন্দ্ৰত আয়োজন কৰা ৫ দিনীয়া আন্তঃজিলা যুৱ বিনিময় কাৰ্যসূচীৰ আজি সামৰণি পৰে৷ এই কাৰ্যসূচীত ডিব্ৰুগড় জিলাৰ প্ৰায় অৰ্ধ শতাধিক যুৱ-যুৱতীয়ে অংশগ্ৰহণ কৰে৷ এই কাৰ্যসূচীত বিগত ২৭ জানুৱাৰী তাৰিখৰ পৰা প্ৰথম তিনিদিনত যুৱ-যুৱতী সকলৰ বিভিন্ন জীৱন কৌশলৰ বিকাশৰ ক্ষেত্ৰত বিভিন্ন কাৰ্যসূচীত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ড° নিৰ্মল ৰঞ্জন মজুমদাৰ, ড° হেমন্ত ৰাভা, ড° পংকজ নমসূদ্ৰ, দীপাংকৰ কলিতা, আয়েজ আলী, শান্তনু ৰায় চৌধুৰী৷ চতুৰ্থ দিনটিত নেহৰু যুৱ কেন্দ্ৰ কামৰূপৰ গাণনিক তথা কাৰ্যক্ৰম পৰ্যবেক্ষক গোপীনাথ দাসৰ সবল নেতৃত্বত যুৱ দলটিয়ে সাংস্কৃতিক ক্ষেত্ৰ অধ্যয়নৰ বাবে কামাখ্যা মন্দিৰ, শ্ৰীমন্তশঙ্কৰদেৱ কলাক্ষেত্ৰ, বশিষ্ঠ মন্দিৰ, বালাজী মন্দিৰ আদি পৰিভ্ৰমণ কৰে৷ আজি পঞ্চম দিনাৰ সামৰণি অনুস্থানত অতিথি হিচাপে উপস্থিত কামৰূপ জিলাৰ অতিৰিক্ত আয়ুক্ত প্ৰণৱ দত্ত গোস্বামী আৰু উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ চক্ৰবিষয়া ভাস্কৰ কলিতা৷ সামৰণি অনুষ্ঠানটিত সমল ব্যক্তি হিচাপে উপস্থিত থাকে, বিশিষ্ট শিক্ষক, সাহিত্যিক, সু-বক্তা ভাস্কৰ জ্যোতি দাস৷ তেখেতে নেহৰু যুৱ কেন্দ্ৰৰ লক্ষ্য, আদৰ্শকে ধৰি বৰ্তমান দেশৰ যুৱ শক্তিক কিদৰে ৰাষ্ট্ৰ নিৰ্মাণত নিয়োজিত কৰিব পাৰি, সেই বিষয়ে সুন্দৰ ভাষণ প্ৰদান ।