আমাৰ সিৰে সিৰে প্ৰবাহিত হৈয়ে আছে – চন্দ্ৰ শেখৰ পৰাজুলী

আমাৰ সিৰে সিৰে প্ৰবাহিত হৈয়ে আছে

চন্দ্ৰ শেখৰ পৰাজুলী,
বিশ্বনাথ চাৰিআলি

ভাৰতবৰ্ষত মোগল সাম্ৰাজ্য পৰম্পৰাগতভাৱে ১৫২৬ চনত বাবৰৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল বুলি কোৱা হয় । এনেদৰে প্ৰায় ৪০০ বছৰ মোগল সাম্ৰাজ্যৰ পিছৰ সময়ত, বিশেষকৈ অষ্টাদশ শতিকাৰ প্ৰথম ভাগত ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতত প্ৰৱেশ কৰে আৰু লাহে লাহে ভাৰতৰ ভূ-খণ্ডক নিজৰ অধীন কৰিবলৈ আৰম্ভ কৰে। ঊনবিংশ শতিকাৰ মাজ ভাগলৈকে সমগ্ৰ ভাৰত ব্ৰিটিছ উপনিবেশত পৰিণত হয়। কিন্তু ইয়াৰ লগে লগে ভাৰতবৰ্ষক স্বাধীন ৰাষ্ট্ৰ ৰূপে পৰিগণিত কৰিবলৈ আমাৰ দেশৰ বহু বিৰ পুৰুষ, মহিলাই স্বাধীনতা সংগ্ৰামৰ বাবে অনেক সংঘৰ্ষ, সংঘাত আৰু ক’ত কিমান বলিদান,আত্ম আহুতি দিয়াৰ কথাবোৰ আমাৰ মানুহৰ মুখে মুখে আৰু লগতে ইতিহাসৰ পৃষ্ঠাত সোণালী আখৰেৰে সন্নিৱিষ্ট হৈ আছে নহয়নে ?। এনেদৰে অন্তিমত বহু প্ৰয়াসৰ অন্ততঃ ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰতবৰ্ষৰ এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰে।এতিয়া কথা হ’ল আমাৰ ভাৰতবৰ্ষত মোগল সাম্ৰাজ্য বিস্তৃত কৰাৰ লগতে বৃটিছ সাম্ৰাজ্য স্থাপনৰ আৰতে আছিল আমাৰ নিজ দেশৰ কিছুমান মানুহৰ  দুতলিয়া নীতি বা নিজ দেশ আৰু নিজ জনসাধাৰণক লৈ কৰা দূৰ্ণীতি নহয়নে?। আচলতে আমি বসবাস কৰা ঠাইত চোৰ সোমাবলৈ প্ৰথম সুবিধা আমাৰ নিজ মানুহে কৰি দিয়ে। নহ’লে তেনেকৈ চুৰি কাৰ্য সংঘটিত হোৱা বৰ কঠিন। হ’ব পাৰে আমি বহু সংঘাত, সংঘৰ্ষবোৰ পাৰ কৰি আহি আহি আজি বৰ্তমানে এই ঠাইত উপনিত হৈছোঁ। সেয়াও আমাৰ সৌভাগ্য আৰু বহু গৌৰৱৰ কথা। কিন্তু আমাৰ ক্ষমতাবোৰ ইয়াতেই সীমিত নেকি?। আমাৰ মানুহৰ মাজত ক্ষমতাবোৰ যদি যথেষ্ট আছে তেন্তে তাক আমি জগতৰ আগত উজাগৰ কৰাত কিয় এতিয়ালৈকে ব্যৰ্থ কিয়?। আচলতে মই ইয়াতে সঁচা কথা এটা কওঁ  শুনক,আমি প্ৰায় ৬০০ বছৰ কাল আনৰ অধিনত থাকি থাকি সেই অতীতৰ দুতলিয়া নীতি,দুৰ্নীতি আৰু গুলাম বা চাকৰৰ মনোভাৱ আজিও পৰিত্যাগ কৰিব পৰা নাই । নহ’লে চাওঁক আমি আজি সাধাৰণ কামৰ বাবে অবৈধভাবে ধন প্ৰদান কৰি কেৱল সোনকালেই নিজৰ কাম সিদ্ধি কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখোঁ। আৰু ঠিক সেই একে কাম বিনামূলীয়া ভাবে কৰিবলৈ নিয়োগ কৰা কৰ্মচাৰীয়ে টকাৰ প্ৰলোভনত পৰি অতি সোনকালেই হয়তো সময়ৰ আগতে কামখিনি কৰি দিয়া পৰিলক্ষিত হয়। আজি আচলতে কাগজে-পত্ৰহে  ভাৰত এখন স্বাধীন ৰাষ্ট্ৰ কিন্তু সেই দুতলিয়া নীতি, দুৰ্নীতিৰ তেজ আমাৰ সিৰে সিৰে প্ৰবাহিত হৈয়ে আছে নহয়নে?। আজি আমি নিজৰ সীমিত সীমাৰ বাহিৰলৈ চিন্তা কৰিবলৈ নিবিচাৰোঁ। আৰু কোনো লোকে এই সীমা অতিক্ৰম কৰি আগুৱাই যাবলৈ বিচাৰিলেও আমি সেই ব্যক্তিগৰাকীৰ প্ৰতি ভৰসা নকৰোঁ। কাৰণ কিয় জানেনে সেই অতীততে আমি কৰি অহা গুলাম বা চাকৰৰ মনোভাৱ। আমি যেতিয়ালৈকে দুতলিয়া নীতি, দুৰ্নীতিৰ স্বভাৱ এৰি সত্য স্বীকাৰ কৰাৰ ক্ষমতা আমাৰ মাজত আয়ত্ত কৰি নলও, ঠিক তেতিয়ালৈকে আমি সেই গুলাম বা চাকৰৰ মনোভাৱৰ পৰা নিজকে পৰিত্ৰাণ পাবলৈ সক্ষম নহও।