আমাৰ জীৱনটোৰ বাবে দায়ী কোন?
মিনাক্ষী হাজৰিকা
দেওমৰনৈ
মানুহৰ জীৱনটো কেতিয়াও মসৃণ নহ’য়। উত্থান, পতন, সফলতা, বিফলতা,সংঘাত আদি জীৱনৰ একো একোটা অংশ। কিন্তু আমাৰ জীৱনত যি ঘটি আছে তাৰ বাবে আচলতে দায়ী কোন? অথবা অতীতত যি ঘটিছিল তাৰ বাবে দায়ী কোন? হয়তো তাৰ উত্তৰ আমি সকলোৱে নিজেই জানো। প্ৰত্যেকদিনাই আমি তিনিটা প্ৰশ্নৰ সন্মুখীন হোৱা উচিত। আৰু সেই প্ৰশ্ন তিনিটাৰ উত্তৰো আমি মনত ৰখা উচিত। সেই প্ৰশ্ন তিনিটা হ’ল-১) আপোনাৰ/মোৰ জীৱনৰ বাবে আৰু পৰিস্থিতিসমূহৰ বাবে দায়ী কোন?(Who’s responsible for our life and our situation), ২)আপোনাৰ/মোৰ জীৱনটো পৰিৱৰ্তন কৰাৰ শক্তি কাৰ ওচৰত আছে?(who has the power to change our life), ৩) আপুনি যদি নিজৰ জীৱনটো সলনি কৰাৰ সিদ্ধান্ত নলয়,তেন্তে কোনেও আপোনাৰ জীৱন সলনি কৰিব নোৱাৰে(If you never ever decide to change your life, can anybody else change your life)। আৰু যদি আপুনি গভীৰভাৱে প্ৰশ্ন তিনিটা হৃদয়ঙ্গম কৰে, তেতিয়া হয়তো তাৰ উত্তৰ নিজেই পাব। গতিকে আপোনাৰ জীৱনত ঘটি থকা ঘটনাসমূহৰ বাবে আনক দোষ দিয়াটো বন্ধ কৰিব। যিকোনো এটা ঘটনাৰ বাবে সচৰাচৰ বহু লোকে বেলেগক দোষ দি থাকে? এইটো একপ্ৰকাৰৰ স্বভাৱৰ দৰেই হৈ পৰে। কিন্তু যদি জীৱনত কিবা এটা শিকিব খুজিছে তেন্তে আনক দোষ দিয়াটো বন্ধ কৰি আপুনি কোনখিনিত ভূলটো কৰিছে তাক চালিজাৰি চোৱাটো উচিত। আৰু সেই ভূলটো দ্বিতীয় বাৰলৈ নকৰিবলৈ চেষ্টা কৰা উচিত। আমি সদায় নিজৰ ভূলবোৰ উপলব্ধি কৰিব পাৰিব লাগে। তেতিয়াহে জীৱনত বহু খিনি জ্ঞান লাভ কৰিব পাৰি। কেতিয়াবা বহু খিনি সময়ত পৰিলক্ষিত হ’য় যে বহু ব্যক্তিয়ে জীৱনটোত নিজৰ লগত কি আছে সেইখনিক গুৰুত্ব নিদি বেলেগৰ লগত থকাখিনিক বেছিকৈ গুৰুত্ব দিয়ে। অথবা নিজৰ জীৱনটোক সদায় আনৰ লগত তুলনা কৰে। আৰু তাৰ ফলস্বৰূপে এনেধৰণৰ ব্যক্তিয়ে গোটেই জীৱনটো অশান্তিত পাৰ কৰি দিয়াও পৰিলক্ষিত হ’য়। গতিকে নিজৰ জীৱনটো কেতিয়াও বেলেগৰ লগত তুলনা কৰিব নালাগে। বেলেগৰ ওচৰত কি আছে কি নাই সেইবোৰত গুৰুত্ব নিদি নিজৰ জীৱনটোক অথবা নিজৰ লগত থকা খিনিক গুৰুত্ব দি জীৱনটো আগুৱাই লৈ গ’লে সুখ আৰু শান্তিময় জীৱন অতিবাহিত কৰিব পাৰি। জীৱনত আমি যিখন প্ৰতিযোগিতাত নামি পৰো বা যিখন যুদ্ধৰ অংশীদাৰী হ’ও সেই যুদ্ধ খন আন কাৰো লগত নহ’য়, কেৱল মাত্ৰ নিজৰ লগতহে হ’য়। গতিকে সদায় নিজক উন্নত কৰিবলৈ চেষ্টা কৰা উচিত। যোৱা কালিতকৈ আজি নিজক কেনেকৈ আৰু বেছি ভাল কৰি তুলিব পাৰি তাৰ চিন্তা কৰা উচিত।