আমাৰ অসম দেশ
ছেলিমা বেগম,নগাঁও
আমাৰ অসম দেশ
সূৰ্য্য উঠাৰ পূৰ্ব দেশ ।
অতি প্ৰিয় অসম দেশ
অতি সুন্দৰ এই অসম দেশ।
ৰূপে গুণেৰে ভৰপূৰ এই দেশ
পাহাৰ পৰ্বত নদ নদীৰে আগুৰা এই দেশ।
সেউজীয়া সোণৰ দেশ অসম দেশ
চাহৰ বাদে বিখ্যাত অসম দেশ।
কবিৰ দেশ বীৰ সকলৰ দেশ
আমাৰ দেশ স্বাধীন দেশ ।
আমাৰ অসম দেশ স্বচ্ছ দেশ
নাই কোনো ভেদভাৱ আমাৰ অসম দেশ।
এই দেশ কৃষিৰ দেশ ধানৰ দেশ
এই দেশ ব্ৰহ্মপুত্ৰ নদীৰ দেশ।
এই দেশৰ বুকুত খেলা কৰে
টলমল পানী নদীৰ বুকুত।
আমাৰ ভাষা অসমীয়া ভাষা
আমাৰ ভাষা মধুৰ ভাষা।
এই দেশ আমাৰ দেশৰ সোণৰ অসম
আমাৰ এই দেশ অসম ।