আমবাৰী কালী মন্দিৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে কালী পূজাৰ প্ৰস্তুতি

আমবাৰী কালী মন্দিৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে কালী পূজাৰ প্ৰস্তুতি

ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ বৃহত্তৰ ফটাশিল আমবাৰীৰ শ্ৰী শ্ৰী মা কালী মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত অহা ৩১ অক্টোবৰ আৰু ১, ৩ নৱেম্বৰত বিস্তৃত কাৰ্যসূচীৰে শ্ৰী শ্ৰী মা কালীৰ ৭০ সংখ্যক পূজাভাগ উদযাপনৰ আয়োজন কৰা হৈছে। কাৰ্যসূচী অনুসৰি ৩১ অক্টোবৰৰ সন্ধিয়া ৫ বজাত প্ৰতিমা স্থাপন, নিশা ৯ বজাত পূজা আৰম্ভ, ওজাপালি, ঢুলীয়া প্ৰদৰ্শন, নিশা ১২ বজাত উচৰ্গা প্ৰদান, নিশা ১ বজাত অঞ্জলি প্ৰদান, নিশা ২ বজাত পূজা সমাপন। আনহাতে ১ নৱেম্বৰৰ পুৱা ৪ বজাৰ পৰা ৭ বজালৈ প্ৰসাদ বিতৰণ কৰা হ’ব । আকৌ সন্ধিয়া ৭ বজাৰ পৰা নাগাৰা নাম পৰিৱেশন কৰিব পাঠক তৰুণ কাকতি আৰু মণ্টু বৰ্মনৰ দলে। আনহাতে ৩ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰিব জনপ্ৰিয় কণ্ঠশিল্পী পাপৰি গগৈ, বৰ্ণালী কলিতা, নিপন বসুমতাৰী আৰু ৰূপম ভূঞা আদিকৰি শিল্পীসকলে। উক্ত সমূহ কাৰ্যসূচীত ৰাইজৰ সহায়- সহযোগিতা তথা উপস্থিতি কামনা কৰিছে পূজা পৰিচালনা সমিতিৰ সভাপতি নৱ ডেকা আৰু সম্পাদক জিতেন দত্তই।