আবেগিক, সংবেদনশীল মানুহবোৰৰ মনৰ কথাবোৰ – শৈলেন কুমাৰ

আবেগিক, সংবেদনশীল মানুহবোৰৰ মনৰ কথাবোৰ

 শৈলেন কুমাৰ, মিৰ্জা

সচৰাচৰ আমাৰ জীৱনত সংঘটিত হৈ থকা বহু কথাই হয়টো আমাৰ মন আবেগিক কৰি তুলিব পাৰে ৷ মানুহ এজনৰ ভিতৰত যদি সংবেদনশীলতা নাথাকে তেন্তে তেনেকুৱা মানুহক আপুনি কি বুলি ভাবিব ? আপোনাৰ ভাৱধাৰা নিত্য একান্ত বা ব্যক্তিগত হব পাৰে যিটো আন বহুজনৰ লগত নিমিলিবও পাৰে কিন্তু এটা কথা সত্য যে জীৱনৰ কোনোবা নহয় কোনোবা মুহূৰ্তত আপুনিও হয়টো আবেগিক হৈ পৰিছে নহয়নে বাৰু? আবেগিক হোৱাৰ বহু কাৰণ থাকিব পাৰে যেনে এজোপা গছ দৈনিক প্ৰত্যক্ষ কৰে আপুনি আৰু হঠাতে সেই গছজোপা কাটি পেলোৱা হয়, ঘৰত আপোনাৰ পোহনীয়া জীৱজন্তু আছে তাকলৈ আপুনি সংবেদনশীল ৷ এজন ব্যক্তি আন এজন ব্যক্তিৰ প্ৰতি সংবেদনশীল হব পাৰে ৷ দৰাচলতে সংবেদনশীলতাই আমাৰ মানৱজীৱনৰ চালিকাৰ মাধ্যম হিচাপে ক্ৰিয়া কৰে ৷ জীৱনটো সুন্দৰভাৱে উদযাপন কৰিবলৈ হ’লে আবেগিক মন এটাৰ বাৰুকৈয়ে প্ৰয়োজনবোধ কৰোঁ ৷ যদিও ব্যস্ততাপূৰ্ণ জটিল আমাৰ বৰ্তমানৰ সমাজব্যৱস্থা তথাপিও আবেগিক আৰু সংবেদনশীল মন এটাই কৰবাত নহয় কৰবাত আমাক আধুনিকতাৰ খামখেয়ালীৰ পৰা কিছুপৰিমাণে হ’লেও আঁতৰত ৰাখিবলৈ বাধ্য কৰে কিন্তু অজানিতে আমি সেই কথাবোৰত ধ্যান নিদিওঁ ৷ আবেগিক,সংবেদনশীল মন এটাই আমাক মানুহৰ মানৱতাৰ লগত পৰিচয় কৰি দিয়ে, জনসমুদ্ৰৰ মাজতো আপোনাক অকলশৰীয়া কৈ থাকি পৃথক চিন্তাচৰ্চা কৰিবলৈ উদ্যমীত কৰে ৷ কিন্তু আমি মানুহৰ মনবোৰ আজিকালি বস্তুৰে জোখমাখ কৰোঁ যাৰবাবে মানুহৰ প্ৰকৃত মনটো চিনিব পৰাৰ পৰা বঞ্চিত হওঁ৷ কেতিয়াবা মনত ভাৱ আহে যদিহে জগতখনত বস্তুৰে জোখমাখ কৰা পদ্ধতিটো সলনি হ’লেহৈ তেতিয়া এই পৃথিৱীখন কিমান সুন্দৰময় হৈ পৰিলে হেতেন৷ কেতিয়াবা আপুনি ব্যস্ততাৰ দৌৰৰ পৰা অলপ আঁতৰি সকলোকে আবেগিক আৰু সংবেদনশীলতাৰ দৃষ্টিৰে প্ৰত্যক্ষ কৰিবচোন, তেতিয়া চাব আপুনি এক বিশেষ আবেগ অনুভূতি অনুভৱ কৰিছে৷