অণুগল্প
আবিৰ
“ ফাকু সানোতে ভেঁ কৈ কান্দিছিলা কিয় ? ”
“ পিছলৈ কান্দিবলৈ এৰিছিলো , মনত আছে ?”
“ কি নাম দিবা ?
“ আবিৰ ৷”
হাতত ফুলৰ থোপা , মিঠাই লৈ শুভাকাংক্ষীসকল নাৰ্ছিংহোমৰ কোঠাটোলৈ সোমাই আহিল ৷
***
( সকলোকে ফল্গুৎসৱৰ শুভকামনা জনালোঁ ৷ )
-অঞ্জুমণি শইকীয়া ৷
যোৰহাট , মালৌ- আলি ( তিনি আলি )