আবিৰৰ ৰং সানি দিয়া মোৰ গালে মুখে – নাছিৰ আহমেদ

আবিৰৰ ৰং সানি দিয়া মোৰ গালে মুখে
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
হে মোৰ প্ৰাণ প্ৰিয়
আবিৰৰ ৰং সানি দিয়া মোৰ গালে মুখে।
মোৰতো একোয়ে নাই,
এখন মাথোঁ হিয়া ;
য’ত ভৰি আছে এবুকু ক্লেদাক্ত
তেজেৰে তুমুৰলি হোৱা
মোৰ ভগা কলিজাত বিচ্ছেদৰ পোৰণি জাগে!
” I fall upon the thorns of life , I bleed !
হে ফাগুন, দুষ্ট ফাগুন !
তোৰ বা ৰিব্ ৰিব্ পছোৱা বতাহত
মোৰ বুকুত উথলি উঠিছে
এসাগৰ যৌৱনৰ জোঁৱাৰ,
মই বিৰহিনী ৰাধা
যমুনা নদীৰ পাৰত বাউলী হৈ
ফেঁকুৰি ফেঁকুৰি কান্দিছোঁ —
” কেনেহে ৰাধা বিৰস মন
তোৰ কানাইয়া বাজায় বাঁশী।”
আহা ,আহা সখী আহা প্ৰাণ কৃষ্ণ!
সেউজ বননিৰ কেঁচা মাটিৰ গোন্ধ টানি টানি—-
ৰঙা চৰণ পেলাই আহা —
আবিৰৰ ৰং সানি দিয়া মোৰ গালে মুখে,
এজাক বৰষুণ নামি আহি ধৰাৰ বুকুত
মোৰ অশান্ত হৃদয় দিয়ক তিয়াই !!